নলবাৰী সাংস্কৃতিক শিল্পী সমাজৰ উদ্যোগঃ ২৮ গৰাকী কলা-কুশলীক সাহায্য…

নলবাৰী সাংস্কৃতিক শিল্পী সমাজৰ উদ্যোগঃ ২৮ গৰাকী কলা-কুশলীক সাহায্য…

ডিজিটেল সংবাদ, নলবাৰীঃ বৰ্তমানে অব্যাহত থকা লকডাউনৰ ফলত বহু লোকৰ জীৱন-জীৱিকাৰ প্ৰতি প্ৰত্যাহ্বান আহি পৰিছে। একে সময়তে সৰু-বৰ গায়ক-গায়িকাসকলো আৰ্থিক দিশত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

সেইদৰে তেওঁলোকৰ কলা কুশলীসকলৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছে। এনে সময়তে "নলবাৰী সাংস্কৃতিক শিল্পী সমাজ"ৰ উদ্যোগত আজি নলবাৰীৰ ২৮ গৰাকী কলা কুশলীক সাধ্যানুসাৰে সাহায্য আগবঢ়োৱা হয়। সংগঠনটোৰ ৪১ গৰাকী শিল্পীয়ে আগবঢ়োৱা অনুদানেৰে সবিপ্লব,টিকু,নৱ,কমল,মানব,হিমাংশুৱে বাদ্যযন্ত্ৰী, কন্ঠশিল্পী,শব্দযন্ত্ৰ সহায়কসহ মুঠ ২৮ গৰাকী ব্যক্তিৰ ঘৰে-ঘৰে গৈ ১,৫০০ টকাকৈ আৰ্থিক সাহায্য আগবঢ়ায়। লগতে অভিনেতা দিলীপ কুমাৰ দাসও ১৫ টা শিল্পীৰ পৰিয়ালক কিছু খাদ্য সামগ্ৰী প্ৰদান কৰে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in