নলবাৰীত অংগনবাড়ী কৰ্মীৰ বিক্ষোভ…

নলবাৰীত অংগনবাড়ী কৰ্মীৰ বিক্ষোভ…

ডিজিটেল সংবাদ, নলবাৰীঃ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে বিক্ষোভেৰে শনিবাৰে নলবাৰী চহৰৰ ৰাজপথ কঁপাই তোলে। জিলাখনৰ প্ৰায় চাৰি হেজাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাই নলবাৰীৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শিশু উদ্যানৰ সম্মুখৰ পৰা নলবাৰী সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায়৷

উদ্যানৰ সম্মুখতে এখন প্ৰতিবাদী পথ সভাও অনুষ্ঠিত কৰে। অংগনবাড়ী কৰ্মী-সহায়িকাৰ নলবাৰী জিলা সমিতিৰ সভানেত্ৰী ফুলকুঁৱৰী বৰ্মন আৰু সম্পাদিকা ইলা কলিতাৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত দিয়া ভাষণত চি আই টি ইউৰ নলবাৰী জিলাৰ সভাপতি নৃপেন চন্দ্ৰ কলিতাই অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ চাকৰি নাইকীয়া কৰিব বিচৰা মিছলীয়া শিক্ষা মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক শ্ৰমিক বিৰোধী নেতা বুলি অভিহিত কৰে।

প্ৰতিবাদকাৰীসকলে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰয়োগৰ নামত অংগনবাড়ী কেন্দ্ৰক গুৰুত্বহীন কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ লগতে মাননিৰ সলনি মজুৰিৰ ব্যবস্থা কৰা, অৱসৰকালীন সুবিধা প্ৰদান কৰা, ন্যূনতম মজুৰি ১৮ হেজাৰ টকা ধাৰ্য কৰাৰ লগতে কৰ্মী আৰু সহায়িকাৰ নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়াৰ দাবী জনায়৷ পিচত বিক্ষোভকাৰী সকলে দাবী সম্বলিত এখন স্মাৰকপত্ৰ সমাজ কল্যাণ বিষয়াক প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in