নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী আমছেৰ আলীৰ বিয়োগ…

নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী আমছেৰ আলীৰ বিয়োগ…

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ বড়িগাও নিবাসী তথা বিশিষ্ট সমাজকৰ্মী আমছেৰ আলী ( ৭০ ) ৰ বৃহস্পতিবাৰে নিশা ১১ বজাত নিজ গৃহতে মৃত্যু হয় । নলবাৰী ন্যালয়ৰ চৌহত থকা তৰণি সংঘৰ সক্ৰিয় কৰ্মী আৰু বৃহত্তৰ পূবনলবাৰী অঞ্চলত ভাল মহৰী হিচাপে জনপ্ৰিয় আমছেৰ আলীৰ মৃত্যুত বড়িগাওতে নহয় সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ‌ পৰিছে ।

মৃত্যুৰ আগ মুহূৰ্তলৈকে তেও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল । বড়িগাও মছজিদ পৰিছালনা সমিতিৰ প্ৰাক্তন সভাপতি সম্পাদক , বি আৰ মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় , পূবনলবাৰী হাইস্কুল , মাদাৰ টেৰেজা এম ই স্কুলৰ পৰিছালনা সমিতিৰ সদস্যৰ উপৰিও বড়িগাও এল পি স্কুল , তৰুণজ্যোতি সংঘৰ ভুমিদাতা আছিল ।

তেও নলবাৰী তৰণী সংঘৰ প্ৰাক্তন উপ সভাপতি , সহযাত্ৰী আলোচনীৰ সদস্য , গুৱাকুছি হাফিজীয়া মাদ্ৰাছাৰ উপসভাপতি , কোহিনুৰ যুবক সংঘ আৰু পুথিভঁ‌ৰালৰ অন্যতম শুভাংক্ষী , চতমা শাখা সাহিত্য সভাৰ সদস্যও আছিল । আলীক গুৱাকুছি আঞ্চলিক শাখা সাহিত্য সভাৰ তৰফৰ পৰা বহাগত সম্বৰ্ধনা জনোৱা হৈছিল । তেওৰ মৃত্যুত আঞ্চলটোৰ বিশিষ্ট নাগৰিক সকলৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে ।

মৃত্যুৰ সময়ত তেও দুগৰাকী পুত্ৰ , দুজনী বিবাহিত কন্যা , বোৱাৰী আৰু নিজ পত্নী এৰি থৈ যায় । আজি দিনৰ ১১খ বজাত বড়িগাও ৰাজহুৱা কবৰস্থানত অগনন গুনমুগ্ধৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in