লকডাউনৰ অচিলাত চৰকাৰৰ জনবিৰোধী শিক্ষানীতি! ৰাজ্যজুৰি এ আই ডি এছ অ’ৰ দাবী দিৱস…

লকডাউনৰ অচিলাত চৰকাৰৰ জনবিৰোধী শিক্ষানীতি! ৰাজ্যজুৰি এ আই ডি এছ অ’ৰ দাবী দিৱস…

ডিজিটেল সংবাদ,নলবাৰীঃ লকডাউনৰ ফলত জনজীৱন স্তব্ধ হৈ পৰাৰ সময়ছোৱাতে চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন জনবিৰোধী নীতি গ্ৰহণ কৰাৰ বিৰুদ্ধে ছাত্ৰ সংগঠন এ আই ডি এছ অ'ৰ অসম ৰাজ্যিক কমিটীয়ে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

সংগঠনটোৱে চৰকাৰৰ ওচৰত কেইবাটাও দাবীও উত্থাপন কৰে। প্ৰতিবাদ আৰু দাবী দিৱসৰ অংশ হিচাপে নলবাৰী,গুৱাহাটী ,শোণিতপুৰ, লখিমপুৰ, ধেমাজি, যোৰহাট, ডিব্ৰুগড়, মাজুলী,নগাওঁ, দৰং,গোৱালপাৰা,ধুবুৰী, মানকাচৰ,দক্ষিণ শালমৰা,কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

সংকটময় সময়ত চৰকাৰে বিভিন্ন বিভাগৰ লগতে শিক্ষাৰ নিচিনা অত্যন্ত গুৰুত্ত্বপূৰ্ণ বিভাগত নীতি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত সমাজৰ সকলো অংশৰ জনসাধাৰণক জড়িত কৰি গণতান্ত্ৰিক পদ্ধতিৰে সিদ্ধান্ত গ্ৰহণ কৰাটো বাঞ্ছনীয়। সেয়ে এ আই ডি এছ অ'ৰ অসম ৰাজ্যিক কমিটীৰ পক্ষৰ পৰা চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা আৰু ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ৰাজ্যিক সভাপতি প্ৰজ্জ্বল দেব আৰু ৰাজ্যিক সম্পাদক হেমন্ত পেগুৰ স্বাক্ষৰিত বাৰ দফীয়া দাবীসম্বলিত এখনি স্মাৰকপত্ৰও ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰে।

লগতে অসমৰ জিলাই জিলাই অনলাইন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। স্মাৰকপত্ৰত ছাত্র- শিক্ষক সংগঠন, শিক্ষাবিদ আৰু স্বাস্থ্য বিশেষজ্ঞসকলৰ লগত মত বিনিময়ৰ যোগেদি শিক্ষা সংক্ৰান্তীয় বৰ্তমানৰ সমস্যাসমূহ সমাধান কৰাৰ দাবী জনোৱা হয়।

সেইদৰেকোৰোনাৰ সংহাৰ,লকডাউন আৰু বানপানীত বিপৰ্যস্ত মানুহৰ ন্যূনতম প্ৰয়োজনীয় খাদ্য, বাসস্থান,চিকিৎসাসহ শিক্ষাৰ সকলো দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব লাগে বুলি কোৱা হৈছে।
দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অৰ্থনৈতিক পেকেজ ঘোষণা কৰা, চৰকাৰী শিক্ষানুষ্ঠানত ফিজ সম্পূৰ্ণ মকুব কৰা, ব্যক্তিগত শিক্ষানুষ্ঠানৰ ফিজ নিয়ন্ত্ৰণ কৰাৰ লগতে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ফিজ সম্পূৰ্ণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিবলৈও দাবী জনায় সংগঠনটোৱে।

তদুপৰি গণ পৰিবহনত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাড়া সম্পূৰ্ণ ৰেহাই দিয়া, বিকল্প হিচাপে প্ৰযুক্তিৰ সুবিধাৰ পৰা বঞ্চিত গৰিষ্ঠসংখ্যক ছাত্ৰ-স্বাৰ্থ বিৰোধী অনলাইন পাঠদান আৰু পৰীক্ষা প্ৰৱৰ্তন বন্ধ কৰা, শিক্ষানুষ্ঠানসমূহ খোলাৰ আগতে কোৰোনা সংক্ৰমণৰ সকলো সম্ভাৱনা নিৰ্মূল কৰা, উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছেমিষ্টাৰৰ পৰিবৰ্তে বাৰ্ষিক পৰীক্ষা প্ৰৱৰ্তন কৰা,

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীসকলৰ ফিজ ঘুৰাই দিয়াৰ দাবীও উত্থাপন কৰা হয় স্মাৰকপত্ৰত। আনহাতে কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক স্তৰত আসনৰ সংখ্যা হ্ৰাস নকৰিবলৈ,
অসম বিশ্ববিদ্যালয়ে ঘোষণা কৰামতে পৰীক্ষাৰ ফিজ গ্ৰহণৰ সিদ্ধান্ত বাতিল কৰিবলৈ আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ নিৰ্দেশিকা অনুযায়ী ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা ফিজ সম্পূৰ্ণ ৰেহাই দিবলৈ দাবী জনায় সংগঠনটোৱে।

ভেঞ্চাৰ স্কুল-কলেজসমূহৰ প্ৰাদেশিকীকৰণৰ কাম ত্বৰান্বিত কৰিবলৈ আৰু শিক্ষক কৰ্মচাৰীসকলৰ বাবে আৰ্থিক পেকেজ ঘোষণা কৰিবলৈও স্মাৰকপত্ৰযোগে দাবী জনোৱা হয়। পিচত এক প্ৰেছ বিবৃতিৰ জৰিয়তে এ আই ডি এছ অ'ৰ ৰাজ্যিক সম্পাদক হেমন্ত পেগুৱে কয় যে স্মাৰকপত্ৰত উল্লিখিত বাৰটা শিক্ষা সম্পৰ্কীয় দাবীৰ আধাৰত চৰকাৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াত জনসাধাৰণৰ সকলো অংশক জড়িত কৰি সিদ্ধান্ত গ্ৰহণ কৰিলে এই দুৰ্দিনৰ সময়ত সঠিক সমাধানৰ পথ নিশ্চয় ওলাব।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in