নলবাৰীত অন্যতম কোৰোনা যোদ্ধাক সম্বৰ্ধনা জিলা আছুৰ…

নলবাৰীত অন্যতম কোৰোনা যোদ্ধাক সম্বৰ্ধনা জিলা আছুৰ…

ডিজিটেল সংবাদ, নলবাৰীঃ সমগ্ৰ বিশ্বতে এতিয়া কোৰোনা ভাইৰাছ সংক্ৰমণৰ আতংক। এই ভাইৰাজবিধৰ বিৰুদ্ধে পৃথিৱীজুৰি চলিছে প্ৰতিৰোধৰ ব্যৱস্থা। কি ডাক্তৰ-নাৰ্ছ, কি সংবাদ মাধ্যম, কি দল-সংগঠন , আৰক্ষী প্ৰশাসন , ৰেডক্ৰছ ছ'চাইটি , সচেতন জনতা সকলোৱে কোভিড-১৯ৰ বিৰুদ্ধে আজিও অক্লান্ত সৈনিক হিচাপে কাম কৰি আছে।

এইসকল কোৰোনা যোদ্ধাৰ সৈতে সহযোদ্ধা হিচাপে অতিমাৰীবিধৰ ভয়াবহতা আৰু জনসচেতনতাক ৰাইজৰ মাজলৈ নিয়াৰ ক্ষেত্ৰত গুৰু দায়িত্ব পালন কৰি আহিছে সাংবাদিকসকলে"- এই কথা বুধবাৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত "সাংবাদিক সম্বৰ্ধনা" অনুষ্ঠানত ছহিদ ভৱন বাকৰিত কৃতজ্ঞতাৰে প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পদক হিমান বৰ্মনে ।

জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই আঁত ধৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহকৰ সদস্য ভৱজিৎ বেজবৰুবা , জিলা আছুৰ সভাপতি গুণজ্যোতি পাঠক,সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক নকুল তালুকদাৰ, জিলা সাংবাদিক সন্থাৰ সভাপতি তথা নলবাৰী জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা , নলবাৰী জিলা প্ৰেছ ক্লাবৰ সভাপতি কমলেশ শৰ্মা , কাৰ্যকৰী সভাপতি ফাইজুৰ ৰহমান, যুটীয়া সম্পাদক মনোজ শৰ্মা, সদৌ অসম সাংবাদিক সন্থাৰ সাংগঠিনক সম্পাদক কিশোৰ কলিতা ,নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰধান সম্পাদক ৰমেন কলিতা , অসম প্ৰদেশ সাংবাদিক সন্থাৰ সম্পাদক শশাংক শৰ্মা, নলবাৰী প্ৰেছ ক্লাবৰ সম্পাদক মুজিবৰ ৰহমানকে ধৰি ভালেসংখ্যক সদৰস্থিত সাংবাদিক-ফটো সাংবাদিক উপস্থিত থাকে ।

উল্লেখ্য যে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি অহা সাংবাদিকসকলক বুধবাৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই কৃতজ্ঞতাৰ চিন হিচাপে ফুলাম গামোচা, মাক্স আৰু "কৃতজ্ঞতা পত্ৰ"ৰে সম্বৰ্ধনা জনায় । আনহাতে জিলাখনৰ বাহঁ -বেতৰ শিল্প, নলবাৰীৰ স্বাভিমান জাপি শিল্প আৰু অন্যন্য শিল্পকাৰ্যৰ সৈতে জড়িত শিল্লীসকলৰ লগতে নিজৰ জীবনক তুচ্ছ জ্ঞান কৰি ক'ভিড-১৯ৰ বিৰুদ্ধে ৰাইজক সজাগ-সচেতন কৰাৰ বাবে দিনে নিশাই বাতৰি যোগান ধৰি অহা সাংবাদিকসকলক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে জিলা ছাত্ৰ সন্থাই চৰকাৰৰ ওচৰত দাবী জনায়।

তদুপৰি শেহতীয়াভাবে অসম চৰকাৰে "প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আচনি"ৰ অধীনত প্ৰদান কৰা কৃষক সাহায্যৰ ক্ষেত্ৰত প্ৰকৃত কৃষকক বিঞ্চিত কৰি ভুৱা কৃষকক তালিকাত অন্তৰ্ভুক্ত কৰি কৰা দুৰ্নীতিৰ তদন্তৰ প্ৰতিবেদন অতিশীঘ্ৰে ৰাজহুৱা কৰাৰ বাবে জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাই এক প্ৰেছ -বিজ্ঞপ্তিত দাবী জনাইছে। অন্যথা ছাত্ৰ সন্থাই জিলা কৃষি বিষয়াৰ কাৰ্যলয়ত গণতান্ত্ৰিক আন্দোলন গাঢ়ি তুলিব বুলিও সকীয়াই দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in