টিহুত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা, ‘কা’ৰ বিৰোধিতাৰে এমহীয়া কাৰ্যসূচী ঘোষণা

টিহুত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা, ‘কা’ৰ বিৰোধিতাৰে এমহীয়া কাৰ্যসূচী ঘোষণা

ডিজিটেল সংবাদ, টিহুঃ টিহু ৰাসৰ প্ৰেক্ষাগৃহত ২৫ ফেব্ৰুৱাৰীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন আৰু ভৱজিৎ বেজবৰুৱাই সদৌ ছাত্ৰ সন্থাৰ দৃষ্টি ভংগি ব্যাখা কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ  বিৰোধিতাৰে নিৰৱিচ্চিন্ন শৃংখলাবদ্ধভাৱে আন্দোলনৰ কাৰ্যসূচী চলাই নিব বুলি মতপোষণ কৰে।

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাই আলোচনা মৰ্মে সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰা নাগৰিকত্ব সংশোধনী আইন,২০১৯ বাতিলৰ দাবীত আৰু অন্যান্য কাৰ্যসূচী শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ লগতে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই নিজাববীয়াকৈ মাৰ্চ মাহত এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰ ভিতৰত সভাই ৭ মাৰ্চত নাগৰিকত্ব সংশোধনী আইন,২০১৯ৰ বিৰোধিতাৰে বিশাল জোঁ‌ৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে, তাৰ পৰৱৰ্তী সময়ত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিকে আঞ্চলিকে মটৰ চাইকেল সমদল, জিলা সদৰত মানৱ শৃংখল আৰু ৩১ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে প্ৰতিখন আঞ্চলিকত শৈক্ষিক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই নলবাৰী জিলাৰ বিদ্যালয়সমূহত খালি হৈ থকা শিক্ষকৰ পদসমূহৰ লগতে অন্যান্য শৈক্ষিক সমস্যা, জিলাখনৰ  মহাবিদ্যালয়সমূহত আসন বৃদ্ধি কৰা, স্বাস্থ্য সমস্যা, খোৱাপানীৰ সমস্যা, নিৱনুৱা সমস্যা সমাধান  কৰাৰ বাবে  আঞ্চলিকে আঞ্চলিকে বিভাগীয়ভাৱে স্মাৰক–পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তদুপৰি নলবাৰী জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি চন্দ্ৰ মোহন পাটোৱাৰী অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ উদ্যোগিক বিভাগৰ দায়িত্বত থকাৰ পাছতো এটিও উদ্যোগ স্থাপন কৰিব নোৱৰাত মঙলবাৰৰ সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে নলবাৰী জিলাত সৰু বৰ উদ্যোগ স্থাপন কৰিবলৈ দাবী জনায়। উল্লেখ্য যে, এই বৰ্ষৰ পহিলা জানুৱাৰীত নলবাৰী জিলাৰ দাহুদীত নলবাৰী জিলা ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন কৰি থকা সময়ত ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত পুলিচে প্ৰদৰ্শন কৰা বৰ্বৰতা আৰু টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰা ব্যক্তিক তীব্ৰ ভাষাৰে গৰিহণা দি  দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবী জনাই সেই কাৰ্যৰ  উচিত তদন্ত কৰিবলৈ আহ্বান জনায়। সভাৰ আৰম্ভণিতে টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃদুল বৰ্মন আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিম আকাশ কলিতাই নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলক সাদৰ আদৰণি  জনায়। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in