নাহৰলগুনত অসমৰ যুৱকক মৰিয়াই মৰিয়াই হত্যা, অৰুণাচলত তীব্ৰ প্ৰতিবাদ…VIDEO

নাহৰলগুনত অসমৰ যুৱকক মৰিয়াই মৰিয়াই হত্যা, অৰুণাচলত তীব্ৰ প্ৰতিবাদ…VIDEO
  • অৰুণাচলৰ নাহৰলগুনত অসমৰ যুৱকক হত্যাৰ প্ৰতিবাদত প্ৰতিক্ৰিয়া অব্যাহত।
  • ৰাজপথলৈ ওলাই প্ৰতিবাদী সমদল বাহিৰ কৰিছে অৰুণাচলত কৰ্মৰত একাংশ অসমৰ লোকে।
  • উল্লেখ্য যে, যোৱা মঙলবাৰে নাহৰলগুন হেলিপেড ৰোডত এখন স্ক'ৰপিঅ'ত খুন্দা মাৰিছিল এখন স্কুটীয়ে।
  • সামান্যভাৱে স্ক'ৰপিঅ'খনত খুন্দা মাৰিছিল স্কুটীখনে।
  • স্কুটীখনত আছিল দুজন আৰোহী।
  • এই ঘটনাক কেন্দ্ৰ কৰিয়েই স্ক'ৰপিঅ'খনৰ আৰোহীয়ে বেয়াকৈ প্ৰহাৰ কৰে দুই স্কুটী আৰোহীক
  • এই প্ৰহাৰত থিতাতে নিহত হয় স্কুটীখনৰ এজন আৰোহী।
  • নিহত স্কুটী আৰোহীজনৰ নাম দীনেশ সাহানী।
  • দীনেশৰ ঘৰ বিশ্বনাথ চাৰিআলিত।
  • দেৱেন চৌধুৰী নামৰ আনজন স্কুটী আৰোহীক সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • এই ঘটনাৰ সৈতে জড়িত অভিযোগত আটক কৰা হৈছে দুই স্ক'ৰপিঅ' আৰোহীক।
  • দুজন অপৰাধীক গেপ্তাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in