তিনিদিনীয়া নহয়, দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবৰ্ষ সামৰণি অনুষ্ঠান…

তিনিদিনীয়া নহয়, দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবৰ্ষ সামৰণি অনুষ্ঠান…

ডিজিটেল সংবাদ,ৰহাঃ অহা ১৪ , ১৫ , আৰু ১৬ ফেব্ৰুৱাৰীৰ পৰিবৰ্তে ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত একে স্হানতেই অনুষ্ঠিত হব অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবৰ্ষ সামৰণি অনুষ্ঠান । অসম প্ৰাদেশিক যোগী সন্মিলনী , শতবৰ্ষ উদযাপন সমিতি আৰু আদৰণি সমিতিৰ আলোচনা মৰ্মে এই সিদ্ধান্ত লোৱা হৈছে ।

দুদিনীয়া কাৰ্য্যসূচী মতে ১৪ ফেব্ৰুৱাৰীত (শুক্ৰবাৰে) পুৱা ৬ বজাত পৰিবেশ নিকাকৰণ " স্বচ্ছ ভাৰত অভিযান " , পুৱা ৬.৩০ বজাত বৃক্ষ ৰোপণ, পুৱা ৭ বজাত মুখ্যদ্বাৰ মুকলি কৰিব অভ্যৰ্থনা সমিতিৰ মুখ্য উপদেষ্টা ঘনশ্যাম নাথে , পুৱা ৭.৩০ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰিব নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই , পুৱা ৮.৩০ – বজাত এশ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা এশ খন পতাকা উত্তোলন , পুৱা ৯.০০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতি তৰ্পন , পুৱা ৯.৩০ বজাত – শ্বহীদ বেদীত মাল্য প্ৰদান , দুপৰীয়া ১২.০০ বজাত বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰিব জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ অভিজিত নাথে , বিয়লি ১.০০ বজাত আলোচনা চক্ৰ অনুষ্ঠিত হব শ্বহীদ ভৱনত , বিয়লি ২.৩০ বজাত অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ মুকলি সভা আৰু স্মৃতিগ্ৰন্হ " কদলী " উন্মোচন , উদ্বোধক অসমৰ জলসম্পদ ,বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত , সভাপতিত্বত কৰিব জয়া দেৱীয়ে ,অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা , প্ৰাক্তন সাংসদ জয়শ্ৰী গোস্বামী মহন্ত , বিধায়িকা আঙুৰলতা ডেকা আৰু অসম মহিলা সমতা ছ'চাইটিৰ অৱসৰপ্ৰাপ্ত সঞ্চালিকা ড. চন্দ্ৰ প্ৰভা ভূঞাই বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰিব ।

বিয়লি ৩.০০ বজাত যুৱ ছাত্র অভিবৰ্ত্তন ( স্হান শ্বহীদ ভৱন ) ,বিয়লি ৪.৩০ বজাত ৪.৩০ বজাত ধৰ্মীয় আলোচনা চক্ৰ ,স্মৃতিগ্ৰন্হ " অনন্ত দৃষ্টি " উন্মোচন , আৰু অন্যান্য গ্ৰন্হ উন্মোচন , সন্ধিয়া ৬ বজাত একেলগে এশগছি বন্তি প্ৰজ্বলন , সন্ধিয়া ৭.০০ বজাত ভাতৃ- ভগ্নী সংগঠন সমূহৰ বিষয় বাচনি সভা , সন্ধিয়া ৭.৩০ বজাত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ প্ৰতিনিধি সভা , নিশা ৮.০০ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব অসম আৰক্ষী বিশেষ শাখাৰ আৰক্ষী মহাপৰিদৰ্শক হীৰেণ নাথে ।

১৫ ফেব্ৰুৱাৰী ( শনিবাৰে) পুৱা ৫.৩০ বজাত যোগ -প্ৰাণায়ম , পুৱা ৬ বজাত ৰুদ্ৰযঞ্জ আৰু পুৰোহিত কৰ্মশালা উদ্বোধন কৰিব নাথ গুৰু কৈৱল্য নাথজী মহাৰাজে ,পৰিচালনা শশীমোহন নাথৰ, পুৱা ৮ বজাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি ৰূপক শৰ্মা সহযোগ কৰিব শিল্পী কৃষ্ণ মণি নাথ আৰু অভিনেত্ৰী আইমী বৰুৱাই , পুৱা -১০.৩০ বজাত বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা ,দিনৰ ১১ বজাত অনুষ্ঠিত হব লগীয়া মুকলি সভাত সভাপতিত্বত কৰিব অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ড. অৰুণ কুমাৰ বৰাই, মুকলি সভা উদ্বোধন কৰিব অসমৰ বিত্ত ,স্বাস্হ্য , শিক্ষা আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই , মুখ্য অতিথি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

বিশিষ্ট অতিথি নাথগুৰু স্বামী শিৱনাথজী মহাৰাজ( উৰিষ্যা) , সন্মানীয় অতিথি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত , বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিত দাস , অসমৰ ৰাজ্যিক স্বাস্হ্য মন্ত্ৰী পীষুয় হাজৰিকা , বিধায়ক ৰূপক শৰ্মা , বিধায়ক কিশোৰ নাথ , প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই আদিয়ে অংশগ্ৰহণ কৰিব । সন্ধিয়া ৭.০০ বজাত সাংস্কৃতিক সন্ধিয়াৰে শতবৰ্ষৰ সামৰণি পৰিব । অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগিতা অভ্যৰ্থনা সমিতিয়ে কামনা কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in