২৯ জানুৱাৰীত শিঙিয়া পোতনিত উন্মোচন হ’ব সুধাকন্ঠৰ প্ৰতিমূৰ্তি…

২৯ জানুৱাৰীত শিঙিয়া পোতনিত উন্মোচন হ’ব সুধাকন্ঠৰ প্ৰতিমূৰ্তি…

ডিজিটেল ডেস্কঃ সুধাকন্ঠ ভূপেন হাজৰিকাক আজিও মনত সজীৱ কৰি ৰাখিছে অসমবাসীয়ে। বিভিন্ন সময়ত সুধাকন্ঠৰ সৃষ্টিৰাজিক লৈ ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠানৰো আয়োজন হৈ আহিছে। সুধাকন্ঠক হৃদয়ত সজীৱ কৰি ৰখাৰ প্ৰতিশ্ৰুতিৰে নগাঁও জিলাৰ শিঙিয়া পোতনিত অহা ২৯ জানুৱাৰীত উন্মোচন কৰা হ'ব তেওঁৰ এটি প্ৰতিমূৰ্তি।

প্ৰতিমূৰ্তি উন্মোচনৰ সৈতে সংগতি ৰাখি শিঙিয়া পোতনি যুৱবৃন্দই আয়োজন কৰিছে এটি বিশেষ অনুষ্ঠানৰ। শিঙিয়া পোতনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা এই অনুষ্ঠানটিলৈ প্ৰতিমূৰ্তি উন্মোচন কৰিব নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই। বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানটিত উপস্থিত থাকিব প্ৰশাসনিক বিষয়া শংকৰব্ৰত ৰায় মেধিৰ লগতে শিল্পী সূৰ্য্য দাস আৰু কৃষ্ণমণি নাথ।

শিঙিয়া পোতনি যুৱক সংঘৰ সভাপতি-সম্পাদকদ্বয় ক্ৰমে দুলাল শৰ্মা আৰু যুগল শৰ্মাই সংবাদমাধ্যমক জনাইছে যে, নিশাৰ ভাগলৈ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সংগীতানুষ্ঠানত উপস্থিত থাকিব শিল্পী মহেন্দ্ৰ হাজৰিকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in