নগাঁৱত বিৰিণা গোষ্ঠীৰ উদ্যোগত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস উদযাপন

নগাঁৱত বিৰিণা গোষ্ঠীৰ উদ্যোগত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস উদযাপন

ডিজিটেল সংবাদ, নগাঁওঃ অসমৰ অগ্ৰণী সাহিত্য সংগঠন বিৰিণা গোষ্ঠীৰ উদ্যোগত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দেওবাৰে উদযাপন কৰা হয় সাহিত্য আলাপ বিৰিণা বৈভৱ আৰু বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস। বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠকে অনুস্থানৰ পতাকা উত্তোলনৰে শুভাৰম্ভ কৰাৰ অন্তত মূল কাৰ্যসূচী আৰম্ভ হয় কবিতা তালুকদাৰ আৰু যাদৃশী বৰাৰ বৰগীত পৰিবেশনৰে। সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনৰ সভাপতি তথা, শব্দ বঁটা ২০১৮ বঁটা প্ৰাপক বিশিষ্ট কবি প্ৰদীপ শইকীয়াই সঞ্চালনা কৰা অনুষ্ঠানটিত বিহগী কবিৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্জলন কৰে সদৌ অসম লেখিকা সমাৰোহৰ সভানেত্ৰী আভা বৰাই আৰু মাল্যাৰ্পণ কৰে বিশিষ্ট কবি এল. প্ৰদীপ কুমাৰ সিংহই।

বিৰিণা গোষ্ঠীৰ সাধাৰণ সম্পাদক তফিকুৰ ৰহমানে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা আৰু আহ্বায়ক হাচিনা মমতাজ ( নাৰ্জী )এ আদৰণি ভাষণ প্ৰদান কৰা সভাখন উদ্বোধন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে । নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাস, বিশিষ্ট নাট্যকাৰ উদয় বৰ্মণ, শংকৰী সংস্কৃতিৰ এগৰাকী বিশিষ্ট লেখক দীপক শইকীয়া, নগাঁও জিলা সাংবাদিক সংন্থাৰ সভাপতি হৰেশ্বৰ বৰাৰ উপস্থিতিত দ্বিজেন্দ্ৰ নাথ হাজৰিকা, দূৰ্গেশ্বৰ বৰকটকী, সঞ্জীৱ সাগৰ চৌধুৰী, ৰূপম নাথ, জিতেন নৰহ, কবিন ভাগৱতী, অজন্তা বড়া, আতিকুৰ ৰহমান, কৰবী লিগিৰা, পুতুল চন্দ্ৰ ডেকা, দিপানজু বৰা, অনামিকা গোস্বামী, জুমি ভূঞা বৰা, ৰশ্মিৰেখা দেৱী, প্ৰদীপ বৰক্ষেত্ৰীয়া, ভৱেন চন্দ্ৰ নাথ, নয়নমণি দাস, দীপাঞ্জলি চাংমাই, ঋষিকেশ ৰায়, দেৱজিৎ শৰ্মা, জে. ইছলাম, মলয় লফং, ৰিজুমণি কটকী, প্ৰতীক্ষা দেউৰী, চন্দনা দাস, দীপ্তি বৰা, ৰুমু বেগম, ৰুকেয়া চুলতানা, মধু চৌধুৰী, আনোৱাৰ পাৰভেজ, ছাকাদুল ইছলাম, পুলকানন্দ কৌশিক, প্ৰমূখ্যে কবি সকলে কবিতা পাঠৰে মুখৰিত কৰে সভাগৃহ।

মিনতি দেৱী কাকতিয়ে গীত পৰিবেশন কৰা আৰু মদাৰজ্যোতিয়ে আঁত ধৰা অনুষ্ঠানটোতেই সাহিত্য-সংস্কৃতিৰ নিৰলস সাধক গোলাপ বৰাক বিশেষ সন্মান প্ৰদান কৰে বিৰিণা গোষ্ঠী অসমে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in