নগাঁৱৰ প্ৰমিলাত পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ ব্যাপক অনিয়মৰ অভিযোগ…

নগাঁৱৰ প্ৰমিলাত পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ ব্যাপক অনিয়মৰ অভিযোগ…

ডিজিটেল সংবাদ, কামপুৰঃ দুৰ্নীতিৰ বিৰুদ্ধে শ্লগান দিয়া সৰ্বানন্দ সোণোৱালে কেতিয়া নাকী লগাব পাৰিব দুৰ্নীতিত পোত গৈ থকা একাংশ ঠিকাদাৰক।দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহশীলতা শ্লোগান কেৱল ভেকুভাওঁনাহে নেকি! শেহতীয়াকৈ নগাঁৱৰ কচুৱাৰ প্ৰমিলাত পথ নিৰ্মানত ঠিকাদাৰৰ ব্যপক অনিয়ম সাধাৰণ ৰাইজৰ মাজত এই প্ৰশ্নই জাগ্ৰত হৈছে ।

উল্লেখ্য যে ভাৰত চৰকাৰৰ প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত নগাঁও জিলাৰ কচুৱাৰ প্ৰমিলাআটিৰ পৰা বালি গাৱলৈ নিৰ্মান হৈ থকা এক কিলোমিটাৰ সাতশ মিটাৰ দৈৰ্ঘ্যৰ পথটোত ঠিকাদাৰে অনিয়ম কৰাৰ অভিযোগ উঠিছে।

পথটো নিৰ্মাণত ব্যৱহাৰ কৰা শিল, বালি, ৰাবিচ নিম্ন পৰিমানে ব্?ৱহাৰ কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। যাৰ কাৰণে পথটো নিৰ্মানত ব্যাপক অনিয়ম হোৱাৰ সন্দেহ কৰি স্থানীয় ৰাইজে ঠিকাদাৰক অৱগত কৰি আহিছে যদিও কোনো সুফল নোপোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

ইফালে অতি ভিতৰুৱা অঞ্চলত নিৰ্মাণ কৰি থকা পথটোৰ ঠিকাদাৰৰ এই দুৰ্নীতি বিৰুদ্ধে এক উচ্চ স্তৰীয় তদন্তৰ দাবী কৰি পথটো নিয়াৰিকৈ নিৰ্মাণৰ দাবী কৰিছে স্থানীয় ৰাইজে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in