নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা…

নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা…

ডিজিটেল সংবাদ, নগাওঁঃ নগাঁও চহৰৰ আমিনপট্টিৰ এজন যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি হৈছে । প্ৰাপ্ত তথ্য মতে,আমিনপট্টিৰ ইমদাদ আহমেদ নামৰ যুৱকজন সোমবাৰে সন্ধিয়া নিজ গৃহৰ পৰা ওলাই যোৱাৰ পিছত ঘৰলৈ ঘূৰি অহা নাছিল । আনহাতে মঙলবাৰে পুৱা যুৱকজনৰ মৃত্যুৰ সংবাদ তেওঁৰ পৰিয়ালৰলোকে আৰক্ষীৰ পৰা লাভ কৰে ।

পাচত যুৱকজনৰ মাতৃয়ে চিকিৎসালয়লৈ গৈ ইমদাদৰ মৃতদেহ চিনাক্ত কৰে । আৰক্ষীয়ে মৃত যুৱকজনৰ পৰিয়ালক জনোৱা মতে নিশা যুৱকজনক নগাঁও চহৰৰ ইটাচালি অঞ্চলত পথৰ দাঁতিত অচেতন হৈ পৰি থকা অৱস্হাত দুজন লোকে উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও নিশাই যুৱকজনৰ মৃত্যু ঘটে ।

আনহাতে যুৱকজনক কোনো লোকে হত্যা কৰাৰ সন্দেহত তেওঁৰ মাতৃয়ে আজি নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। কালি সন্ধিয়াৰ পিছতে ইমদাদে সাজি কাচি ৰ'জ নামৰ লগৰীয়া এজনৰ লগত ঘৰৰ পৰা ওলাই গৈছিল বুলি তেওঁৰ মাতৃয়ে জানিবলৈ দিয়ে । উক্ত যুৱকজনৰ লগত কেইমাহমান পূৰ্বে ইমদাদৰ সংঘাট হৈছিল আৰু পিছত যুৱকজনে ক্ষমা খুজি সংঘাটৰ ওৰ পেলাইছিল ।

ইপিনে মৰণোত্তৰ পৰীক্ষাৰ পাচত মঙলবাৰে বিয়লি ইমদাদৰ মৃতদেহ ঘৰলৈ অনাৰ পাচত আমিনপট্টি অঞ্চলত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । স্হানীয় একাংশ লোকে অঞ্চলটোৰ ইমৰোজ নামৰ যুৱকজনে ইমদাদক হত্যা কৰাৰ অভিযোগ তুলি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে। একাংশ লোকে আনকি ইমৰোজৰ ঘৰলৈ শিল ,ইটা দলিয়াই আক্ৰমনাত্মক হৈ পৰে।

আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও একাংশলোকে আৰক্ষীক উদ্দেশ্যি শিল, ইটা দলিওৱাত ৰাজু আলি নামৰ এজন আৰক্ষী কনিষ্টবল আহত হয়। আনহাতে আৰক্ষীয়ে প্ৰথমতে লাঠি চালনা আৰু পাচত শূন্যলৈ গুলী চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়।

আৰক্ষীয়ে ইমৰোজ নামৰ যুৱকজনক আটক কৰি থানালৈ লৈ যায় । আনহাতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও আমিনপট্টি অঞ্চলত বৰ্তমানেও চেপা উত্তেজনাই বিৰাজ কৰি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in