নগাঁওৰ কঠীয়াতলীৰ শিশুৰ পেটত ১২ কেজিৰ ওজনৰ টিউমাৰ, জি এম চি এইচত সফল অস্ত্ৰোপচাৰ…

নগাঁওৰ কঠীয়াতলীৰ শিশুৰ পেটত ১২ কেজিৰ ওজনৰ টিউমাৰ, জি এম চি এইচত সফল অস্ত্ৰোপচাৰ…


ডিজিটেল সংবাদ, কঠীয়াতলীঃ অন্ধ বিশ্বাস আৰু দাৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰি নগাঁৱৰ কঠিয়াতলীৰ এটি শিশুৰ জীৱন ৰক্ষা কৰিলে নগাঁও জিলাৰ আইন সেৱা প্ৰাধিকাৰীয়ে ।অন্ধবিশ্বাসৰ বাবেই বহুবছৰ ধৰি শিশুটিয়ে পেটত এটা ১২ কেজিৰ টিউমাৰ বহন কৰি অসীম যাতনা ভুগিছিল কঠীয়াতলীৰ উপৰবৰ লালুংগাওৰ কণ্যা সুৰভি ডেকাৰজা(১২) নামৰ দুৰ্ভগীয়া কন্যা শিশুটিয়ে।

উল্লেখ্য যে ৬ বছৰ আগতেই পিতৃ লেৰেলা ডেকাৰজাৰ মৃত্যু হোৱাত বিধৱা মাতৃগৰাকীয়ে আনৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে ঘৰখন পোহপাল দি আহিছিল। আৰ্থিক দৈন্যতাৰ লগতে সামাজিক ভাবে দেখা দিয়া অন্ধবিশ্বাসত বাবে টিউমাৰ আক্ৰান্তত যন্ত্ৰণা ভুগি থকা কণ্যা সন্তানটিক উপযুক্ত চিকিৎসা কৰিব পৰা নাছিল । পৰিপেক্ষিতত টিউমাৰটো বাঢ়ি ১২ কেজিলৈকে বৃদ্ধি পাইছে।

পছত অঞ্চলটোৰ কিছু সচেতন ব্যক্তিদল-সংগঠনৰ ,তৎতপৰতাত আৰু নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সহযোগত গুৱাহাটিৰ মেডিকেল কলেজ হচপিতলত চিকিৎসাৰ বাবে ভৰ্ত্তী কৰোৱা হয়। । গুৱাহাটি মেডিকেল কলেজৰ জেষ্ঠ্য চিকিৎসক ৰাজিব ৰয় বৰুৱাই তত্বাৱধানত এমাহজোৰা চিকিৎসাৰ অন্তত কিশোৰী গৰাকীয়ে সুস্থ হৈ ঘৰলৈ ওভতে ।শিশুটি ঘৰলৈ ওভতাৰ সময়ত উৎসৱ মুখৰ হৈ পৰে গাওঁ খন ।

বিভিন্ন জন লোকৰ অৰ্থসাহায্য কে ধৰি বিভিন্ন ধৰণৰ সহায়ৰ অন্তত চিকিৎসক ৰাজিব ৰয় বৰুৱা নেৰানেপেৰা চিকিৎসাৰ অন্তত শিশুটি সুস্থ হোৱাত শিশুটিৰ মাতৃয়ে সকলোকে ধন্যবাদ জনাইছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in