ক’ত হেৰাল ৰাজ্যত প্ৰথম নিৰ্মিত আটক ধুনীয়া মহাফেজ খানাৰ কোটি টকীয়া গৃহ!

ক’ত হেৰাল ৰাজ্যত প্ৰথম নিৰ্মিত আটক ধুনীয়া মহাফেজ খানাৰ কোটি টকীয়া গৃহ!

ডিজিটেল সংবাদ, নগাঁও: ৰাজ্যৰ ভিতৰতে প্ৰথম পৃথক ভাবে নিৰ্মিত মহাফেজ খানাটো কেনে আছে ? এই খবৰ আজি লওঁতা কোনো নাই ৷ মহাফেজ খানা এখন জিলাৰ বুৰঞ্জী ৷ মহাফেজ খানাৰ বুকুতে লুকাই আছে এখন জিলাৰ ইতিহাস ৷ মহাফেজ খানাৰ কোঠাত আবদ্ধ সোনালী ইতিহাস ৷

ৰাজ্যৰ প্ৰতিখন জিলাতে আছে একোটিকৈ মহাফেজ খানা ৷ প্ৰতিখন জিলাৰ উপায়ুক্ত কাৰ্যালয়তে আছে মহাফেজ খানা ৷ ১৮৩২ চনতে স্হাপিত নগাঁও জিলাৰ মহাফেজ খানাটি অতিকৈ গুৰুত্বপূৰ্ণ ৷
১৮৯ বছৰীয়া নগাঁও জিলাৰ ইতিহাস সুৰক্ষিত নে ? মহাফেজ খানাত মজুত থকা নথি পত্ৰ সুৰক্ষিত হৈ আছে নে ? সঠিক ভাবে সংৰক্ষিত হৈ আছে নে ? এনে প্ৰশ্ন বিভিন্ন সময়ত উস্হাপন হৈ আহিছে ৷

প্ৰখ্যাত সাহিত্যিক , ইতিহাস বিদ যোগেন্দ্ৰ নাৰায়ন ভূঞাই মহাফেজ খানাৰ নথি বিজ্ঞান সন্মত সংৰক্ষণৰ ওপৰত গুৰুত্ব দিছিল ৷ অস্বাস্হ্যকৰ পৰিবেশ , উয়েঁ নথি পত্ৰ নষ্ট কৰা , বন্ধ কোঠাত চেদেলি ভেদেলি হৈ পৰি থকা নথিৰ পাত খুচৰি যোগেন্দ্ৰ নাৰায়ন ভূঞাঁই ইতিহাসৰ সমল আগবঢ়াইছিল সমাজ জীৱনলৈ ৷ প্ৰয়াত সাহিত্যিক , সাংবাদিক হোমেন বৰগোহাঞিয়ে মহাফেজ খানাৰ নথি বিজ্ঞান সন্মত সংৰক্ষণত গুৰুত্ব প্ৰদান কৰিছিল ৷

মহাফেজ খানাৰ বিজ্ঞান সন্মত সংৰক্ষনৰ ওপৰত গুৰুত্ব দি নগাঁৱত প্ৰথম পদক্ষেপ লোৱা হৈছিল ৷ ২০০৮ বৰ্ষৰ ১ মাৰ্চত শিল্যানাস কৰা হৈছিল এটি গৃহৰ ৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখৰত প্ৰায় ২০০ মিটাৰ নিলগত তেতিয়াৰ বনমন্ত্ৰী ৰকিবুল হুছেইনৰ প্ৰচেষ্টাত প্ৰয়াত সাহিত্যিক হোমেন বৰগোহাঞিয়ে গৃহৰ শিলান্যাস কৰিছিল ৷ ২০০৯ চনৰ ৮ আগষ্টত এই গৃহ উদ্বোধন কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুন গগৈয়ে ৷ ২০০৮ – ২০০৯ বৰ্ষত নগাঁও জিলা মহাফেজ খানা আৰু গবেষণা কেন্দ্ৰ ৰ্শীৰ্ষক নামেৰে নগাঁৱৰ ইতিহাসক নতুন মাত্ৰা দিব বিচৰা হৈছিল যদিও ই স্হায়ী নহল ৷

জানিব পৰা মতে মহাফেজ খানা গৃহবিভাগৰ অধীনৰ সম্পদ ৷ নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত থকা মহাফেজ খানাৰ পৰা কেইটামান পুৰণি বন্দুক , দুটিমান ট্ৰাঙ্কত নথি আনি নতুন গৃহটিত ভৰাই উদ্বোধন কৰা হৈছিল যদিও ইয়াৰ বাবে প্ৰয়োজনীয় অনুমতি নাছিল গৃহ বিভাগৰ ৷ তাতে লাগিল কেৰোন ৷ দেশৰ আভ্যন্তৰীন পুৰণি নথি গৃহবিভাগৰ অনুমতি অবিহনে বাহিৰলৈ অনাৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হল ৷

এই প্ৰতিক্ৰিয়া পোহৰলৈ নাহিল যদিও নগাঁও জিলা মহাফেজ খানা আৰু গবেষণা কেন্দ্ৰ উদ্বোধনৰ কিছু দিনৰ পিছতে গৃহটিত তলা লাগে ৷ ২০০৮ চনৰ পিছত ২০১৩ চনত অস্হায়ী ভাবে নগাওঁ জিলা পৰিষদৰ কাৰ্যালয় পৰিচালনা কৰা হৈছিল এই গৃহটিত ৷ ২০১৬ চনলৈকে জিলা পৰিষদৰ কাৰ্যালয় চলাৰ পিছত এন আৰ চিৰ কাম কাজৰ বাবে গৃহটি ব্যবহাৰ কৰা হৈছিল ৷ নিৰ্বাচনৰ সময়ত আয়োগে গৃহটি কামত দুদিনমান ব্যবহাৰ কৰা হয় ৷

কোটি টকা ব্যয়ৰে নিৰ্মিত এই আটকধুনীয়া গৃহটি এতিয়া পৰিত্যক্ত ৷ হাবি বনেৰে আবৰা গৃহৰ চৌহদ ৷ গেইটত বছৰৰ পিছত বছৰ তলা ৷ পৰিকল্পনা অভাব নে অজ্ঞতাৰ অভাবৰ বাবে নগাঁও মহাফেজ খানা আৰু গবেষণ কেন্দ্ৰই পূৰ্ণতা নপালে ৷ পূৰ্ণতা নোপোৱা অনুস্হানৰ বাবে ৰাজকোষৰ ধনৰ খৰচ কৰা কিয় হয় ৷ নে কংগ্ৰেছৰ ব্যৰ্থতাৰ স্বাক্ষৰ দেখুৱাবলৈ ৰাইজৰ ধনেৰে নিৰ্মিত কোটি টকীয়া গৃহটি বৰ্তমানৰ বিজেপি চৰকাৰ খনে অনাদৃত কৰি ৰাখিছে ৷ এনে প্ৰশ্ন এতিয়া সৰ্বত্ৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in