নগাঁৱৰ ৰাজপথত যুৱকৰ আহ্বানঃ ড্ৰাগছ সেৱন নকৰিব…

নগাঁৱৰ ৰাজপথত যুৱকৰ আহ্বানঃ ড্ৰাগছ সেৱন নকৰিব…

ডিজিটেল সংবাদ , নগাঁও : নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ড্ৰাগছৰ বিৰুদ্ধে অভিনৱ কৌশল গ্ৰহণ কৰিছে ৷ ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযানত আৰক্ষী অধীক্ষক গৰাকীয়ে নিয়োগ কৰিছে পূৰ্বে ড্ৰাগছ আসক্ত যুৱকক। নগাঁও আৰক্ষী অধীক্ষক গৰাকীয়ে বৰ্তমান ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই থকাৰ লগতে ড্ৰাগছ আসক্ত যুৱকক নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।

বহু দুখীয়া পৰিয়ালৰ ড্ৰাগছ আসক্ত যুৱকক আনকি বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত বিনামূলীয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰিছে। তেনে কিছূ যুৱকক লৈয়ে আজি নগাঁও চহৰত সজাগতা মূলক অভিযান বাহিৰ কৰিলে নগাঁও আৰক্ষীয়ে। ডিএছপি ত্ৰিদিৱ কুমবাঙ আৰু হয়বৰগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া নেতৃত্বত ৰূপায়িত কৰা হ'ল এই কাৰ্যসূচী।উল্লেখযোগ্য এই যে সজাগতামূঅভিযান কালত ড্ৰাগছ আসক্ত যুৱক সকলে তেঁওলোকৰ জীৱনৰ ভয়াবহ অভিজ্ঞতাৰ কথা কৈ পথচাৰী সকলক ড্ৰাগছ সেৱনৰ পৰ বিৰত থাকিবলৈ অনুৰোধ জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in