ড্ৰাগছ বিক্ৰী কৰি থাকোতে মহিলাক আটক…

ড্ৰাগছ বিক্ৰী কৰি থাকোতে মহিলাক আটক…

ডিজিটেল সংবাদ , নগাঁও : নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিক্ৰি কৰি থকা অবস্হাত হাতে লোতে আটক কৰিছে এগৰাকী মহিলাক ৷ চহৰৰ খনৰ নগাঁও ৰেল ষ্টেচন ওচৰৰ হোটেলবাৰীৰ পৰা শুক্ৰবাৰে সন্ধ্যা সাত বজাত আৰক্ষীয়ে আটক কৰে মহিলা গৰাকীক ৷

আটক কৰা মহিলা গৰাকীৰ হাতৰ পৰা ১১টা ব্ৰাউন চুগাৰৰ কন্টেনাৰ , কিছু সংখ্যক নিচায়ুক্ত টেবলেট আৰু কফ চিৰাপৰ বটল উদ্ধাৰ কৰে ৷ আৰক্ষীৰ মতে আটকাধীন মহিলা গৰাকী নাম চাবিনা বেগম ৷ ২৮ বছৰীয়া চাবিনাৰ ঘৰ পানী গাঁও চাৰিখুঁটিত ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in