কংগ্ৰেছ , এ আই ইউ ডি এফৰ বহু বিধায়কে ভিতৰুৱাকৈ লগ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক…

কংগ্ৰেছ , এ আই ইউ ডি এফৰ বহু বিধায়কে ভিতৰুৱাকৈ লগ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক…

ডিজিটেল সংবাদ , নগাঁও : কংগ্ৰেছৰ বহু নেতাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ভিতৰুৱাকৈ লগ পায় ৷ ভিতৰুৱাকৈ লগ পালে কংগ্ৰেছত একো নহয় ৷ এ আই ইউ ডি এফৰো বহু নেতাই মুখ্যমন্ত্ৰীক ভিতৰুৱাকৈ লগ কৰে ৷ এই বিষ্ফোৰক বক্তব্য ৰহাৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশী দাসৰ ৷ শনিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নগাঁৱৰ চৰকাৰী কাৰ্যসূচীত বিধায়ক শশী দাস কাষতে উপস্হিত থকা কাৰ্যই নগাঁৱৰ ৰাজনৈতিক ক্ষেত্ৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷

এই প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত বিধায়ক দাসে সাংবাদিক কয় যে ৰহাৰ উন্নয়ন স্বাৰ্থত মই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ মুকলিকৈ গৈছো ৷ খোলাকৈ গৈছো ৷ উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰীক সদায় সহযোগ কৰি যাম ৷ কংগ্ৰেছত ভিতৰুৱাকৈ গলে নিলম্বিত নহয় ৷ দলত্যাগো নহয় ৷ কংগ্ৰেছে নিলম্বিত কৰাৰ পিছত ৰহাৰ ৰাইজ উৎফুল্লিতহে হৈছে ৷ কাৰণ সমষ্টিৰ ৰাইজ উন্নয়নৰ পক্ষত আছে ৷

লগতে বিধায়ক দাসে কয় যে উন্নয়নৰ পক্ষ লোৱাৰ পিছত শিক্ষা বিভাগে ৰহাত ১২ কোটি ৫০ লাখ দিছে ৷ জলসম্পদ বিভাগে বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে ৪৫ কোটি আগবঢ়াইছে ৷ ইফালে বিধায়ক শশী দাসৰ সৰ্ন্দভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে শশী আমাৰ লগতে আছে ৷ শশী দাসৰ গুৰুত্ব সদায় আছে ৷ ৰহা সমষ্টিৰ উন্নয়ন আগতকৈ দুগুনে আগবাঢ়িব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in