নগাঁৱৰ ডুমডুমীয়াৰ পুঠিমাৰীত জঘন্য ঘটনা, এচিড আক্ৰমণত মহিলা আৰু শিশু আহত…

নগাঁৱৰ ডুমডুমীয়াৰ পুঠিমাৰীত জঘন্য ঘটনা, এচিড আক্ৰমণত মহিলা আৰু শিশু আহত…

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱা সমীপৱৰ্তী ডুমডুমীয়াৰ পুঠিমাৰীত এচিড আক্ৰমণত এগৰাকী মহিলা সহ শিশু আহত হোৱা ঘটনাত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিবৰণী মতে, যোৱা সোমবাৰে নিশা পুঠিমাৰী গাৱঁৰ তছলিমা খাতুন নামৰ মহিলা গৰাকী নিজ বাসগৃহত শুই থকা অৱস্থাত আজিম উদ্দিন নামৰ এজন লোকে সিন্ধি দি ঘৰত প্ৰবেশ কৰে, নিশা প্ৰায় ১১ বজাত হত্যাৰ চেষ্টাৰে আজিম উদ্দিনে অতৰ্কিতে তছলিমা খাতুনক এচিডেৰে আক্ৰমণ কৰে।

এচিড আক্ৰমণৰ ফলত তছলিমা খাতুনৰ লগতে আত্মীয় নাজনীন ফাৰুকী নামৰ এটি শিশুও আহত হয়। উল্লেখ্য যে, তছলিমা খাতুনৰ এজনী ভনীয়েকক বিগত কিছুদিন পূৰ্বে ডুমডুমীয়া নতুন বজাৰ নিৱাসী আজিম উদ্দিনৰ লগত বিয়া দিয়া হৈছিল যদিও, আজিম উদ্দিনে প্ৰায়ে শাৰীৰিক আৰু মানসিক ভাৱে অত্যাচাৰ কৰা বাবে ভনীয়েকক বিবাহ বিচ্ছেদ কৰোৱাৰ বাবে এনে নিকৃষ্ট মানসিকতাৰ ঘটনা সংঘটিত কৰিছে বুলি তছলিমা খাতুনে জানিব দিছে।

সম্প্ৰতি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত তছলিমা খাতুন আৰু নাজনীন ফাৰুকী চিকিৎসাধীন হৈ আছে। সমগ্ৰ দেহতে এচিড দ্বাৰা দগ্ধ হৈ তছলিমা খাতুন সংকটজনক অৱস্থাত আছে বুুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in