নগাঁও সদৰ সমষ্টিৰ ছোট ৰূপহীত কংগ্ৰেছ কৰ্মীক আক্ৰমণ এ আই ইউ ডি এফৰ কৰ্মীৰ

নগাঁও সদৰ সমষ্টিৰ ছোট ৰূপহীত কংগ্ৰেছ কৰ্মীক আক্ৰমণ এ আই ইউ ডি এফৰ কৰ্মীৰ

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও সদৰ সমষ্টিৰ ছোট ৰূপহীত এক নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে। এ আই ইউ ডি এফৰ আক্ৰমণৰ বলি হৈছে কংগ্ৰেছ কৰ্মী ।  ঘটনাটো সংঘটিত হৈছে মঙ্গল বাৰে নিশা । কংগ্ৰেছ দলৰ কেইজন কৰ্মীয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই আহি থকা অৱস্থাত গাড়ী ৰাখি আক্ৰমণ কৰে এ আই ইউ ডি এফৰ কৰ্মীয়ে।

মহম্মদ নজৰুল ইছলাম নামৰ যুৱকজনক গাড়ীৰ খিড়িকীৰে উলিয়াই আনি প্ৰহাৰ কৰে এ আই ইউ ডি এফ নেতাই । আঘাটপ্ৰাপ্ত যুৱকজনক পিছত ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । যুৱকজনৰ লগত থকা আন তিনিগৰাকী কংগ্ৰছ কৰ্মীকো মাৰধৰ কৰে ।

আহত কংগ্ৰেছ কৰ্মীজনৰ পৰা টকা আৰু ম'বাইলো কাঢ়ি লৈ যোৱাৰ অভিযোগ এ আই ইউ ডি এফৰ বিৰুদ্ধে । ঘটনাৰ সৰ্ন্দভত কংগ্ৰেছ কৰ্মীয়ে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত ছজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । ঘটনাটোত কংগ্ৰেছ কৰ্মীয়ে ব্যৱহাৰ কৰা গাড়ী এখনো ক্ষতি সাধন হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in