নগাঁৱত দুৰ্ঘটনাত নিহত দুই, দুটুকুৰা হ’ল গাড়ী…

নগাঁৱত দুৰ্ঘটনাত নিহত দুই, দুটুকুৰা হ’ল গাড়ী…

ডিজিটেল সংবাদ, নগাঁও: বিশ্বকৰ্মা পূজাৰ নিশা সংঘটিত এক দূৰ্ঘটনাত দুজন যুবকে প্ৰাণ হেৰুৱাই ৷ ঘটনাটো আন দুজন গুৰুত্বৰ ভাৱে আহত হয় ৷ চামগুৰি দিশৰ পৰা নগাঁও চহৰৰ অভিমূখে অহা এখন ছুইফট বাহনে ডিমৰুগুৰিৰ ওচৰত নিয়ন্ত্ৰন হেৰুৱাই গছত খুন্দা মাৰে ৷ খুন্দা মৰাত বাহন খনত থকা এগৰাকী আৰোহী থিতাতে নিহত হয় ৷ গুৰুতৰ ভাৱে আহত হয় আন তিনিগৰাকী।
নিহত যুৱক জন ডিব্ৰুগড়ৰ হিমাংশু কাকতি ৷

আহত ৰাধাগোবিন্দ বৰা, মানৱজ্যোতি শইকীয়া আৰু চিনাছু আগৰৱালাক নিশাই নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ পিছত উন্নত চিকিৎসাৰ বাবে তিনিওকে গুৱাহাটীলৈ প্ৰেৰণ কৰা পথ ৰাধা গোবিন্দ বৰা নামৰ যুৱকজনেও মৃত্যুক হয় ৷ ৰাধাগোবিন্দৰ ঘৰ পুৰনিগুদামত ৷ সংকটজনক অৱস্থাত বৰ্তমানেও চিকিৎসাধীন হৈ আছে নগাঁৱৰ কচলুখোৱাৰ মানৱজ্যোতি শইকীয়া আৰু হয়বৰগাঁৱৰ চিনাছু আগৰৱালা । গাড়ীখনে গছত খুন্দা মৰাৰ পিছত দুটুকুৰা হৈ গৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in