শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

বিশিষ্ট সাংবাদিক তথা সাহিত্যিক নগেন কোঞৰৰ জন্মদিন উপলক্ষে গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচী…

13

ডিজিটেল ডেস্ক : সোমবাৰে বিশিষ্ট সাংবাদিক তথা সাহিত্যিক নগেন কোঞৰৰ জন্মদিন । ৭৯ বছৰত ভৰি দিব বিশিষ্ট সাহিত্যিক গৰাকী । ওপজা দিনৰ লগত সংগতি ৰাখি কবি-সাংবাদিক-সমালোচক বিপুল কুমাৰ দিহিঙ্গীয়াৰ প্ৰচেষ্টাত সৃষ্টি প্ৰকাশৰ সহযোগত বিশিষ্ট সাহিত্যিক গৰাকী কবিতা,গীতি- কবিতা আৰু প্ৰৱন্ধ সংকলন তিনিখন গ্ৰন্থ উন্মোচন কৰিব।গহপুৰৰ সতীৰ্থ সংগমত আয়োজন কৰা হৈছে এই উন্মোচনী অনুষ্ঠানৰ । উত্তৰ অসমৰ বিশিষ্ট কবি-সাহিত্যিক-সাংবাদিক নগেন কোঞৰৰ ঘৰ গহপুৰৰ দুই নং ৱাৰ্ডত।

স্কুলত পঢ়ি থকা দিনৰেপৰা সাহিত্যিক গৰাকীয়ে অব্যাহত ৰাখিছে সাহিত্য চৰ্চা অব্যাহত ৰাখিছে । ৭০ দশকৰ পৰা সংবাদ সেৱাৰ সৈতে জড়িত বিশিষ্ট সাহিত্যিক গৰাকী । ইতিমধ্যে কেইবাখনো কিতাপ প্ৰকাশ পাইছে সাহিত্যিক গৰাকীৰ। ৰাজ্যিক ভিত্তিত কেইবাটাও বঁটা লাভ কৰিছে বিশিষ্ট সাংবাদিক গৰাকীয়ে ।

জীৱনৰ প্ৰতিটো পল-অনুপল সাহিত্য/সংবাদ আৰু সমাজৰ বাবে উৎসৰ্গা কৰা এই বিশিষ্ট কবি-সাহিত্যিক-সাংবাদিকে জীৱনৰ বিয়লি বেলাত নিজে আবেদন কৰি চৰকাৰৰ পৰা পেন্সন বা বঁটা ল’ব নিবিচাৰে। বিশেষকৈ পেন্সনৰ ক্ষেত্ৰত যাৰ বেছি প্ৰয়োজন তেওঁলোকক হে অগ্ৰাধিকাৰ দিব লাগে বুলি ভাবে বিশিষ্ট সাহিত্যিক গৰাকীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি