শিক্ষকক ধন দাবী আৰু হত্যাৰ ভাবুকি দিয়া যুৱকক আটক…

শিক্ষকক ধন দাবী আৰু হত্যাৰ ভাবুকি দিয়া যুৱকক আটক…

ডিজিটেল সংবাদ,নগৰবেৰাঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত  এগৰাকী শিক্ষকক ধন দাবী আৰু হত্যাৰ ভাবুকি দিয়া এজন যুৱকক শনিবাৰে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে নগৰবেৰাৰ সৰু কালুবাৰীৰ শিক্ষক দুলাল চন্দ্ৰ পাঠকক বৰপেটা জিলাৰ আলোপতিচৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰাচৰৰ ছানিদুল ইছলাম নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি ধন দাবী কৰি আহিছে। ৯৭০৭৫৫৯৯১৫ নম্বৰৰ পৰা ফোন কৰি কিছুদিন পূৰ্বে ৫০ লাখ টকা দাবী কৰিছিল । টকা নিদিলে শিক্ষকজনক হত্যা কৰাৰো ভাবুকি দিছিল যুৱকজনে।

এনেধৰণৰ ভাবুকি পোৱাৰ পিছৰে পৰা ভয়তে শিক্ষকজনে আত্মগোপন কৰি আছিল।অৱশেষত যোৱা ২২ জুলাইত শিক্ষক গৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত নগৰবেৰা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৭/৫০৬ ধাৰাৰ অধীনত ১০২ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছিল। শনিবাৰে নগৰবেৰা আৰক্ষীয়ে আলোপতিচৰ আৰক্ষীৰ সহযোগত এক অভিযান চলাই বাঘমাৰাচৰৰ পৰা অভিযুক্ত যুৱকজনক আটক কৰিবলৈ সক্ষম হয়।আৰক্ষী সূত্ৰে জনা মতে ইতিমধ্যেই ধৃত যুৱকজনক  জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in