নগৰবেৰাত ভাতৃ-ভতিজাকৰ দাৰ ঘাপত এজনৰ মৃত্যু, চাওঁক VIDEO

নগৰবেৰাত ভাতৃ-ভতিজাকৰ দাৰ ঘাপত এজনৰ মৃত্যু, চাওঁক VIDEO

ডিজিটেল সংবাদ, নগৰবেৰাঃ দক্ষিণ কামৰূপৰ নগৰবেৰাত শুকুৰবাৰে সংঘটিত হয় এক অতি লোমহৰ্ষক হত্যাকাণ্ড। ভাতৃ-ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ'ল এজন লোকৰ। ভূমিবিবাদে চূড়ান্ত ৰূপ লোৱাত সৃষ্টি হয় এনে অনাকাংক্ষিত পৰিৱেশৰ।

ভাতৃ আৰু ভতিজাকৰ আক্ৰমণত মৃত্যু হয় শ্বেৰ আলী নামৰ লোকজনে। সমগ্র ঘটনা সংঘটিত কৰাৰ বাবে ৰেজ্জাক আলীৰ সৈতে তেওঁৰ পুত্ৰ মিজানুৰ ৰহমান, আব্বাছ আলী আৰু নুৰ আলমৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে একাংশ লোকে।

ইফালে, ঘটনাৰ পাছতে ৰেজ্জাক আলীক একাংশ ক্ষোভিত লোকে কৰায়ত্ব কৰি গতাই দিয়ে আৰক্ষীক। কিন্তু পলাই সাৰিবলৈ সক্ষম হয় ৰেজ্জাক আলীৰ তিনি পুত্ৰ। ঘটনাই ইমানেই ভয়ংকৰ ৰূপ লয় যে উত্তেজিত লোকসকলে অভিযুক্ত ৰেজ্জাক আলীৰ বাসগৃহৰ বহু আচবাব লণ্ডভণ্ড কৰাৰ লগতে বাসগৃহত অগ্নি সংযোগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in