আন্ত:ৰাষ্ট্ৰীয় লোকনৃত্য প্ৰতিযোগিতাত কৃৰ্তিত্ব অৰ্জন কৰিলে নগাঁৱৰ কন্যাই…

আন্ত:ৰাষ্ট্ৰীয় লোকনৃত্য প্ৰতিযোগিতাত কৃৰ্তিত্ব অৰ্জন কৰিলে নগাঁৱৰ কন্যাই…

ডিজিটেল সংবাদ,নগাঁও: আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকিল নগাঁৱৰ কন্যা ৷ ডুবাইত অনুষ্ঠিত লোকনৃত্য প্ৰতিযোগিতাত নগাঁৱৰ ভোটাইগাঁৱৰ ক্যাট্ৰিনা কাশ্যপে প্ৰথম স্হান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ডুবাইত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় গ্লোবেল হাৰমনিত অনুষ্ঠিত লোকনৃত্য প্ৰতিযোগিতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল ক্যাট্ৰিনাই ৷

ক্যাট্ৰিনা কাশ্যপে পূৰ্বে ২০১৯ চনটো আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্টিত প্ৰতিযোগিতাত কৃৰ্তিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ বেংককত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় গ্লোবেল হাৰমনিত শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতাত অংশ লৈ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ দশম মান শ্ৰেণীত অধ্যয়নৰত ক্যাট্ৰিনা কাশ্যপ ডুবাইৰ পৰা বুধবাৰে নগাঁৱত উপস্হিত হৈছে ৷ তেওঁৰ পিতৃ জ্যেষ্ঠ অধিবক্তা অজিত কুমাৰ বৰা আৰু মাতৃ নিৰ্ম্মালী বৰা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in