বিধ্বস্ত অগপ, নগাঁৱত জিলা পৰিষদ গঠনৰ দিশে বিজেপি

বিধ্বস্ত অগপ, নগাঁৱত জিলা পৰিষদ গঠনৰ দিশে বিজেপি

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ ২৯ টা জিলা পৰিষদ সমষ্টি, ১৭২খন গাঁও পঞ্চায়তৰ সভাপতি পদ, ১৭২ টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদ, ১৭২০টা ৱাৰ্ড মেম্বাৰ পদৰ ভোটগণনা আজিও সম্পূৰ্ণ হোৱা নাই। বুধবাৰে পুৱা ৮বজাৰ পৰা আৰম্ভ হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া অতি লেহেমীয়া গতিত চলাত অধিকাংশ জিলা পৰিষদৰ ফলাফল এতিয়াও ঘোষণা হোৱা নাই। লগতে বহু পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ফলাফল ঘোষণা কৰিবলৈ সক্ষম হোৱা নাই।

জিলাখনৰ নগাঁও মহকুমাৰ ২৩টা জিলা পৰিষদ সমষ্টিৰ ভোট গণনা নগাঁও চহৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও চৰকাৰী বালিকা বিদ্যালয় আৰু ডচন বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকাৰ লগতে চামগুৰি আৰু কলিয়াবৰ সমষ্টিৰ ৬খন জিলা পৰিষদ সমষ্টিৰ ভোট গণনা কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত চলিছিল। কলিয়াবৰত ইতিমধ্যে গণনা শেষ হৈছে।

সন্ধিয়ালৈকে নগাঁও জিলা পৰিষদৰ অন্তৰ্গত ১ নং বাৰপূজীয়া জিলা পৰিষদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী যতীন দাস, ২নং কচুৱা জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ছাইফুল ইছলাম, ৫নং জাগীয়াল সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কবিতা দাস, ৯ নম্বৰ বটদ্ৰৱা জিলা পৰিষদ সমষ্টিত এ আই ইউ ডি এফ দলৰ আচমিনা খাতুন, ১০নম্বৰ হাতীচোং জিলা পৰিষদ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী সীমা ৰেখা ভৰালী, ১৪ নং শিঙীয়া জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ফজলুল কৰিম, ১৬নং ভকতগাঁও জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৱাজিউল্লাহ কবিৰ জয়ী হয়।

১৭ নং পাখিমৰীয়া জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী দীপিকা শ‌ইকীয়া, ২২ নং বাজিয়াগাঁও জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী নাছৰিন ৰিৱাজ, ২৪ নং আমবাগান জিলা পৰিষদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰেমানন্দ দাস, ২৫ নং শিঙিমাৰী জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আহিদা বেগম, দ্বাৰ শলনা জিলা পৰিষদ সমষ্টিত বিজেপিৰ চন্দন ঠাকুৰ, দ্বাৰবাগৰি জিলা পৰিষদ সমষ্টিত জিতেন গৌড়, পূৱ পূৱথৰীয়া জিলা পৰিষদ সমষ্টিত বিজেপিৰ মুনমনী দাস বৰা, চতিয়াল বৰভূগীয়া জিলা পৰিষদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ইৰা বৰা, পুৰণিগুদামত বিজেপিৰ জিন্টি বৈৰাগী, হাতীচোঙত বিজেপিৰ জিন্টি বৈৰাগী, বটদ্ৰবাত এ আই ইউ ডি এফৰ আচমিনা খাতুন বিজয়ী হৈছে।

ইপিনে ৫১ খন পঞ্চায়ত সভাপতিৰ আসন বিজেপি দলে দখল কৰিছে। অগপ‌ই গাঁও পঞ্চায়তৰ সভাপতি পদৰ ১২ খন আসন, কংগ্ৰেছে ৩০খন, এআইইউডিএফে ৬খন, নিৰ্দলীয় এখন আসনত জয়লাভ কৰিছে। আঞ্চলিক সদস্য পদত বিজেপিয়ে ৪৮খন, অগপ‌ই ৮খন, কংগ্ৰেছে ২৭খন, এআইইউডিএফে ১০খন, নিৰ্দলীয় দুখন আৰু চি পি আই এমে ২ খনত জয়ী হৈছে। পঞ্চায়ত সদস্য পদত বিজেপিয়ে ৩৭২, কংগ্ৰেছে ২৭২, অগপ‌ই ১৪৯, এআইইউডিএফে ৬৬, নিৰ্দলীয়‌ই ৩১খন আসন লাভ কৰিছে। সম্পূৰ্ণ ফলাফল কালিলৈহে ওলোৱাৰ সম্ভাৱনা আছে।

এই পৰ্যন্ত ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল, আৰু ভোট গণনাৰ পৰা এইটো ষ্পষ্ট হৈ পৰিছে যে নগাঁও জিলাত শাসকীয় বিজেপি দলৰ জয়জয়কাৰ অৱস্থা অব্যাহত আছে। লগতে নগাঁও জিলা পৰিষদ খনো দখলৰ দিশে অগ্ৰসৰ হৈছে শাসকীয় দলটো। পঞ্চায়ত নিৰ্বাচনৰ ৰণত নগাঁৱৰ হেভিৱেট ৰাজনৈতিক নেতা প্ৰফুল্ল কুমাৰ মহন্ত, ৰকিবুল হুছেইন, কেশৱ মহন্তই নিজা নিজা সমষ্টিত মুখ থেকেচা খাইছে।

কালি পুৱাৰে পৰা গণনাৰ বাবে নগাঁৱৰ তিনি গণনা কেন্দ্ৰলৈ অহা প্ৰায় ৩০০০ হাজাৰ কৰ্মচাৰীৰ বহু সংখ্যক অসুস্থ হোৱাৰ খবৰ পোৱা গৈছে। বিশেষকৈ দিনে নিশাই গণনা কৰাৰ পিছত জ্বৰ, শৌচ, ভৰি ফুলি যোৱা, মূৰ ঘূৰাই পৰি যোৱাৰ দৰে অসুস্থ হৈ পৰিছে। অসুস্থ লোকৰ বিপৰীতে জিলা প্ৰশাসনে প্ৰয়োজনীয় চিকিৎসকৰ ব্যৱস্থা কৰিব পৰা নাই। কোনো ঔষধৰ ব্যবস্থাও কেন্দ্ৰসমূহত নথকাৰো অভিযোগ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in