নগাঁৱৰ ক্ষেত্ৰীত পথ দূঘৰ্টনাত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যনিৰ্বাহক সদস্য অনিল বৰগোহাঁইৰ মৃত্যু…

নগাঁৱৰ ক্ষেত্ৰীত পথ দূঘৰ্টনাত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যনিৰ্বাহক সদস্য অনিল বৰগোহাঁইৰ মৃত্যু…

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা তথা প্ৰতিষ্ঠিত ব্যৱসায়ী ও অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যনিৰ্বাহক সদস্য অনিল বৰগোহাঁই (৫৪) শুকুৰবাৰে নগাঁও জিলাৰ ক্ষেত্ৰীত পথ দূঘৰ্টনাত মৃত্যু হোৱা খবৰে ধেমাজি জিলাত শোকৰ ছাঁ পৰিছে৷ ঘটনা দিনা বিয়লি প্ৰায় ২ মান বজাত গুৱাহাটীৰ পৰা ধেমাজিৰ অভিমুখে এক্স ইউ ভি ৫০০ গাড়ীয়ে ঘৰলৈ আহি থকা অৱস্থাতেই ক্ষেত্ৰীত ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীখনৰ চালকে নিয়ন্ত্ৰণ হেৰোৱাই এজোপা গছত খুণ্ডা মাৰি দিয়াৰ ফলত ব্যৱসায়ী বৰগোহাঁই পেট , বুকুৰ আৰু মূৰত গুৰুতৰ ভাৱে জখম হয় ৷ ততাতৈয়াকৈ অঞ্চলৰ ৰাইজে এখনি মিনি ট্ৰাকত নিকটবৰ্ত্তীৰ সোনাপুৰৰ এখনি নাচিংহোমত ভৰ্তি কৰে যদিও চিকিৎসালয়ত কিছু সময় পিছতেই চিকিৎসকে অনিল বৰগোঁহাইক মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷

ধেমাজি গোহাঁই গাওঁৰ স্বৰ্গীয় বগেন বৰগোহাঁইৰ তৃতীয় পুত্ৰ অনিল বৰগোহাঁইয়ে ১৯৬৮ চনৰ ৩০ জুনত জন্ম গ্ৰহন কৰিছিল ৷ জন্ম স্হান গোহাঁই গাওঁতে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰি ১৯৮৪ চনত ধেমাজি লৰা হাইস্কুল হাইস্কলৰ ( বৰ্তমান ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় ) পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হয় ৷এগৰাকী কৰ্মদক্ষ ,উদ্যমী,অতি সাহসী ,অমায়িক আৰু স্বাস্থ্যবান গোহাঁইয়ে সদৌ তাই আহোম ছাত্ৰ সন্হাৰ ধেমাজি আঞ্চলিকৰ এগৰাকী প্ৰাক্তন নিষ্ঠাবান কৰ্মী হোৱা লগতে জাতিটোৰ হকে আগুৱাই নিয়া ক্ষেত্ৰত মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ যথোপনাস্তি চেষ্টা চলাই গৈছিল ৷অতি কম বয়সৰ পৰাই গোহাঁইয়ে সামাজিক কামকাজৰ লগতে ব্যৱসায় সৈতে ও জড়িত হৈ পৰিছিল ৷

১৯৯০ চনলৈকে প্ৰায় দুবছৰ ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এচ ইউ আই ধেমাজিৰ সক্ৰিয় কৰ্মী আছিল ৷ এন এচ ইউ আইৰ কংগ্ৰেছৰ ছাত্ৰ সংগঠনত দুবছৰ থকা পিছতেই ২০১১ চনত বিজেপি দলত যোগদান কৰি কেইমাহ মান থকা পিছত পুনৰ ২০১২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি ২০১৪ চনত বৰগোহাঁইয়ে ধেমাজি জিলা কংগ্ৰেছৰ উপ-সভাপতি পদত তিনিবছৰ ধৰি কাৰ্য্যনিৰ্বাহ কৰি ২০১৮ চনত অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যনিবাহক সদস্য হোৱা পিছতেই ২০১৯ চনত অনুষ্ঠিত হোৱা লোক সভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ লখিমপুৰ লোকসভা সমষ্টি প্ৰাৰ্থীৰ হিচাপে প্ৰতিদণ্ডিতা কৰি পৰাজিত হৈছিল৷

গোহাঁইয়ে মৃত্যুটোৰ আগমুহূৰ্তলৈকে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যনিৰ্বাহ সদস্য হোৱা উপৰিও সমান্তৰালভাৱে তেওঁ ৰেলৱে গড়কাপ্তানি ,জল সম্পদ ,স্বাস্থ্য, গৃহ , জলসিঞ্চনকে বহু কেইটা বিভাগৰ এগৰাকী প্ৰথম শ্ৰেনী ঠিকাদাৰ হৈ ৰাজ্যখনৰ ভিতৰতে এজন সফল ও প্ৰতিস্থিত ব্যৱসায়ী হৈছে পৰিগণিত হৈছে ৷ গোহাঁইৰ মৃতদেহ শনিবাৰে পুৱা ৮ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৰনোত্তৰ পৰীক্ষা কৰা পিছত গুৱাহাটীৰ পৰা নিজ গৃহ ধেমাজিত সন্ধিয়া ৬.৩০ মান বজাত মৃতদেহ আহি পোৱা লগে লগেই এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷ শোকাকুল পৰিবেশৰ মাজতে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে ফুলৰ টোপাৰে মৃতদেহক সেৱা জনাই শেষ শ্ৰদ্ধাৰ নিবেদন কৰে৷

ইয়াৰ পিছতেই শুভাকাংক্ষী ৰাইজে তেওঁৰ মৃতদেহ সমদল কৰি লৈ ধেমাজি তিনিআলিস্হ জিলা কংগ্ৰেছৰ কাৰ্য্যালয়, ধেমাজি চাৰি আলিস্হ ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্হাৰ কাৰ্য্যালয়লৈ নিয়া পিছত পৃথকে পৃথকে কৰ্মী সকলে শেষ শ্ৰদ্ধাৰ জনায়৷ গোহাঁইৰ মৃত্যুত ধেমাজি জিলাখলৰ বিভিন্ন দল সংগঠন আৰু ৰাইজে গভীৰ শোক প্ৰকাশ কৰি সন্তপ্ত পৰিয়াল বৰ্গলৈ সমাবেদনা জনাইছে৷ গোহাঁইৰ প্ৰতি সন্মান জনাই ধেমাজি জিলা ব্যৱসায়ী সন্হাই শনিবাৰে পুৱাৰে পৰা ১২ দূপৰীয়া বজাৰ পৰ্যন্ত নগৰ খনৰ সকলো দোকান বজাৰ বন্ধ ৰাখিছিল৷ মৃত্যু সময়ত তেওঁৰ পত্নীৰ সৈতে দুই কন্যা আৰু এটি পুত্ৰৰ সৈতে পৰিয়ালৰ অনেকজনক এৰি গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in