চৰকাৰে মোকলাই দিয়া নগাঁও জলসম্পদৰ ২. ১৮ কোটিৰ টকাৰ অনীতি…

চৰকাৰে মোকলাই দিয়া নগাঁও জলসম্পদৰ ২. ১৮ কোটিৰ টকাৰ অনীতি…

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জলসম্পদ বিভাগলৈ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে শেহতীয়াকৈ মোকলাই দিয়া ২.১৮ কোটি টকাৰ ব্যয়ৰ ক্ষেত্ৰত ব্যাপক অনীতিৰ ঘটনা পোহৰলৈ আহিছে ৷ ২০২১-২০২২ বৰ্ষত কাম কৰা দেখুৱাই এই বৃহৎ পৰিমানৰ ধন চৰকাৰৰ ঘৰৰ পৰা মোকলাই অনা হৈছিল ৷ এই ধন বিত্ত বিভাগৰ পৰা সংমণ্ডলটোলৈ অহাৰ পিছতে নগাঁৱত চকু কপালত উঠে একাংশ বিষয়া -ঠিকাদাৰৰ ৷ কিয়নো এই বৃহৎ পৰিমানৰ ধনৰ মুকলি নিবিদা কেতিয়া কৰা হৈছিল সেই কথা তেওঁলোকৰ বোধগম্য নহয় ৷

জানিব পৰা মতে নগাঁৱৰ পৰা পদ্দোন্নতি সহ বদলি হৈ যোৱা কাৰ্যবাহী অভিযন্তা ভাস্কৰ জ্যোতি দাসৰ কাৰ্যকালত ২. ১৮ কোটি টকাৰ কাম কৰা দেখুওৱা হৈছিল ৷ কাম কৰা দেখুওৱাৰ পিছত গাননিক বিষয়া অজিত কুমাৰ গোস্বামীয়ে ২.১৮ কোটি টকাৰ ডিমাণ্ড প্ৰস্তুত কৰিছিল ৷ কনিষ্ট অভিয়ন্তা নিতুল বৰ্মনকে ধৰি আন দুজন কনিষ্ট অভিযন্তাই প্ৰয়োজনীয় ডিমাণ্ডৰ কাম কৰিছিল ৷ কিন্তু বিষয়া ভাস্কৰ জ্যোতি দাস নগাঁৱৰ পৰা বদলি হৈ যোৱাৰ পিছতে চৰকাৰে নগাঁৱলৈ ২.১৮ কোটি টকাৰ মোকলাই দিয়াত সমগ্ৰ অনীতিৰ ঘটনা পোহৰলৈ আহে ৷

জানিব পৰা মতে ২০২১-২০২২ বৰ্ষত নগাঁৱত অস্বাভাৱিক ভাবে বৰষূণৰ পৰিমান হ্ৰাস পাইছিল ৷ ফলত জিলাখনত বানে তাণ্ডব চলাব পৰা নাছিল ৷ তাৰ মাজতে ২.১৮ কোটি টকাৰ জৰুৰী ভাৱে কাম কৰা দেখুৱাইছিল ৷ নগাঁৱত চাৰি শতাধিক ঠিকাদাৰ থকাৰ পিছটো আমদানী কৰা হৈছিল নগাঁৱৰ বাহিৰৰ আগৰৱালা নামৰ ঠিকাদাৰ জনক ৷ সিমানে নহয় জৰুৰী কামত একেজন ঠিকাদাৰক একাধিক স্থানত কাম কৰা দেখুওৱা হৈছিল ৷ বৰঘূলি ৰিং বান্ধত আগৰৱালা নামৰ ঠিকাদাৰ জনক আটাইতকৈ বেছি ধনৰ কাম দিয়া হৈছিল ৷ জৰুৰী কামৰ নামত এজন ঠিকাদাৰক একাধিক কাম দি কি কাম কৰিব বিছাৰিছিল সেই কথা হয়টো সকলোৰে বোধগম্য ৷

ইফালে নগাঁৱত কাৰ্যবাহী অভিযন্তা হিচাপে পিংকু মজুমদাৰে যোগদান কৰাৰ পিছত ২.১৮ কোটি টকাৰ অনীতি পোহৰলৈ অহাৰ পিছত বিষয়া ভাস্কৰ জ্যোতি দাসৰ দিনত সংঘটিত উক্ত ধনৰ সকলো নথি পত্ৰ বিষয়া মজুমদাৰে বিছৰাত হাহাকাৰ লাগে গাননিক বিষয়া অজিত কুমাৰ গোস্বামী , নিবিদা সহায়ক নীলমণি ভূঞাঁ , কনিষ্ট অভিযন্তা নিতুল বৰ্মনকে ধৰি আন বিষয়া সকলৰ ৷

কিয়নো কাৰ্যালয়টোত ২.১৮ কোটি টকাৰ কামৰ বিপৰীতে থাকিব লগা সকলো নথি পত্ৰ নাই বুলি অভিযোগ উঠিছে ৷ দলটোয়ে নতুন কাৰ্যবাহী অভিযন্তাৰ নিৰ্দ্দশৰ পিছত নথি পত্ৰ নিয়মীয়া কৰিবলৈ চেষ্টা কৰিছে যদিও সকলো নথি পত্ৰ নিয়মীয়া কৰি যোৱা সোমবাৰলৈকে জমা দিব পৰা নাই ৷ কিয়নো যি সকল ঠিকাদাৰৰ নামত চৰকাৰে ২.১৮ কোটিৰ ধন মোকলাই দিছে সকলো ঠিকাদাৰৰ নামত কামৰ বিপৰীতে জমা থাকিব লগা আমানত ধনৰ ড্ৰাফৰ লগতে আই পি অ' জমা নাই ৷ সমগ্ৰ ঘটনা তদন্ত কৰিলে কোনে কি উদ্দেশ্যে ২. ১৮ কোটি টকা অনীতি কৰি কৰিব বিছাৰিছিল সেই কথা স্পষ্ট হৈ পৰিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in