“গছে মানুহে একেলগে বাস কৰো আহক“ ৰ্শীষক নগাঁৱৰ পৰা ১৪ সংগঠনৰ ডবকালৈ যাত্ৰা…

“গছে মানুহে একেলগে বাস কৰো আহক“ ৰ্শীষক নগাঁৱৰ পৰা ১৪ সংগঠনৰ ডবকালৈ যাত্ৰা…

ডিজিটেল সংবাদ, নগাওঁ: হোজাই জিলাৰ ডবকা বনাঞ্চলৰ ৬২০০ জোপাকৈ শাল গছ ৰক্ষাৰ অৰ্থে ১৪টাকৈ সংগঠন একগোট হৈছে ৷ ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে ডবকা বনাঞ্চলৰ মাজেৰে ফ'ৰ লেন নিৰ্মানৰ বাবে প্ৰস্তাব লোৱাৰ পিছত তীব্ৰ প্ৰতিবাদ হোৱাত ৰি-এলাইন্টমেন্ট কৰাৰ চিন্তাচৰ্চা চলিছে যদিও প্ৰাধিকৰনে বিকল্প পথ নিৰ্মানৰ আনুষ্ঠানিক ঘোষণা কৰা নাই ৷ বন বিভাগে শেহতীয়াকৈ ডবকা বনাঞ্চলৰ মাজে গছ কাটি পথ নিৰ্মানৰ বিৰুদ্ধে অবস্হান কৰিছে ৷

প্ৰাধিৰকৰণৰ দৰে লিখিত কোনো পত্ৰ বন বিভাগেও প্ৰকাশ কৰা নাই৷ সেয়ে বন বিভাগ , ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কাম আৰু কথাত আশ্বস্ত হ'ব পৰা নাই প্ৰকৃতি প্ৰেমী সংগঠন ৷ সেয়ে ১৪ টাকৈ সংগঠন এক গোট হৈ দেওবাৰে নগাৱঁৰ পৰা এক কাৰ্যসূচী গ্ৰহণ কৰে৷ পান্হতৰু সংৰক্ষণী , গ্ৰীণ গাৰ্ড , হস্তী বন্ধু , লাওখোৱা-বুঢ়াচাপৰি ছ'চাইতি , কলংপাৰ কাকত, মাইহাং ,হোজাই আমছু , ইলোৰা বিজ্ঞান মঞ্চ আদি "একত্ৰিত হৈ গছে মানুহে একেলগে বাস কৰো আহক " ৰ্শীষক কাৰ্যসূচী গ্ৰহণ কৰে ৷

নগাঁৱৰ বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ সন্মূখৰ পৰা এই সংগঠন কেইটাৰ প্ৰতিনিধি সকলে ডবকা বনাঞ্চললৈ যাত্ৰা কৰে ৷ পুৱা দহ বজাত চিৰসেউজ ডবকা শালবন কাটিবলৈ নিদিয়াৰ পন যাত্ৰাত দুই শতাধিক প্ৰকৃতি প্ৰেমিয়ে ভাগ লয় ৷ ডবকা বনাঞ্চলত গৈ এক সজাগতামূলক সভা অনুষ্ঠিত কৰে ৷ লগতে ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিলৰো সিদ্ধান্ত গ্ৰহণ কৰে ৷ আজিৰ কাৰ্যসূচীত শিবানন্দ কাকতী , কুলেন দাস , বুবুল শৰ্মা , প্ৰত্যুষ ৰঞ্জন ভাগবতী , মুনী কাকতী আদিয়ে অংশ গ্ৰহণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in