নগাঁৱৰ ননৈত পিষ্টল আৰু গুলীসহ তিনিজনক আটক আৰক্ষীৰ

নগাঁৱৰ ননৈত পিষ্টল আৰু গুলীসহ তিনিজনক আটক আৰক্ষীৰ

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ ননৈত আৰক্ষীয়ে ৫ জাই গুলীসহ এটা ৭ পইন্ট ৬৫ পিষ্টল জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ তিনিজনক লোকক আটক কৰে৷ আটকাধীন ব্যক্তি কেইজন হৈছে চহিদুল ৰহমান, ছলমান উদ্দিন আৰু ফিৰুজা বেগম ৷

ননৈ আৰক্ষীৰ নিয়মীয়া তালাচিত পিষ্টল জব্দ হোৱাৰ লগতে লোক কেইজনক আটক কৰে৷ নগাঁৱৰ পৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডবকালৈ এ এছ ০২ কে ৪৪৫১ নম্বৰৰ এখন নে'ন গাড়ীৰে গৈ আছিল দলটো৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in