নগাঁৱত দিনৰ পোহৰতে ৪ লাখ টকা লৈ উধাও চোৰ…

নগাঁৱত দিনৰ পোহৰতে ৪ লাখ টকা লৈ উধাও চোৰ…

ডিজিটেল সংবাদ, নগাঁও: চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে নগাঁও চহৰত৷ নিশাই নহয়, দিনতো চোৰে হাত চাফাই কৰি আহিছে নগাঁৱত৷ বহু লোকে চোৰ হোৱাৰ পিছত আৰক্ষীৰ ওচৰ চাপিছে যদিও চোৰ কৰায়ত্ব কৰাত নগাঁও আৰক্ষীৰ ব্যৰ্থতাৰ বাবে বহু লোকে গোচৰ দিয়াৰ পৰা আঁতৰি আছে ৷
আজি চহৰখনৰ তেলিয়াপট্টিত চোৰে দিনতে চোৰ কৰি নিলে চাৰি-পাঁচ লাখ টকা ৷ তেলিয়াপট্টি চাৰি আলিত থকা এখন দোকানৰ পৰা বিয়লি চাৰিমান বজাত এই বৃহৎ পৰিমানৰ ধন লৈ উধাও হয় ৷

দোকানৰ স্বত্বাধিকাৰীয়ে দিনটো সামগ্ৰী বিক্ৰি কৰি ঘৰলৈ গৈছিল আহাৰ গ্ৰহণ কৰিবলৈ৷ কিছু সময়ৰ পিছত দোকানলৈ আহি দেখে বিক্ৰী কৰি পোৱা সমুদায় ধন চোৰে লৈ যায়৷ দোকানত থকা চি চি কেমেৰাৰ ফুটেজ প্ৰত্যক্ষ কৰি দেখে এজন চোৰ দোকানত প্ৰবেশ কৰি মাত্ৰ চৈধ্য চেকেণ্ডৰ ভিতৰত কেচ কাউন্টাৰৰ পৰা সমুদায় ধন লৈ উধাও হয়৷ ঘটনাৰ পিছত স্বত্বাধিকাৰী শংকৰলাল বাৰ্মাই হয়বৰগাঁও আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে যদিও চোৰ ধৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in