২৩ বছৰি শিক্ষকতা কৰিও দৰমহা নোপোৱা শিক্ষকৰ কাহিনী : অৱসৰৰ পিচতো অব্যাহত ৰাখিছে পাঠদান…

২৩ বছৰি শিক্ষকতা কৰিও দৰমহা নোপোৱা শিক্ষকৰ কাহিনী : অৱসৰৰ পিচতো অব্যাহত ৰাখিছে পাঠদান…

ডিজিটেল সংবাদ নগাঁও: সুদীৰ্ঘ ২৩ বছৰে চৰকাৰী চাকৰি কৰিলে ৷ কিন্তু চাকৰিৰ বেতনৰ নামত এটকাও নাপালে ৷ বেতন অবিহনে চৰকাৰী চাকৰিৰ পৰা অৱসৰো গ্ৰহণ কৰিলে ৷ ২৩ বছৰ চাকৰি কৰি বিনা বেতনে অৱসৰ গ্ৰহণ কৰা ব্যক্তিজনৰ নাম হৈছে ৰাজীৱ বৰুৱা ৷ বৰুৱা ১৯৯৯ চনত শিক্ষা বিভাগৰ নিয়োগ পত্ৰ লৈ শিক্ষক হিচাপে চাকৰিত যোগদান কৰিছিল ৷

১৯৯৯ চনৰ ১২ ফেব্ৰুৱাৰীত নগাঁও চহৰৰ নগাঁও আৰবান বেচিক স্কুলত ৰাজীৱ বৰুৱাই যোগদান কৰিছিল ৷ শিক্ষক হিচাপে চৰকাৰী চাকৰিত যোগদান কৰি নিজ কৰ্তব্য নিয়াৰিকৈ পালন কৰিছিল যদিও এইজন শিক্ষকৰ প্ৰতি সু দৃষ্টি নপৰিল শিক্ষা বিভাগৰ ৷ ২৩ বছৰে শিক্ষকতা কৰোৱা শিক্ষাবিভাগে ৰাজীৱ বৰুৱাক দৰমহা হিচাপে এটকাও নিদিলে৷

ৰাজীৱ বৰুৱাৰ ঘৰ নগাঁও জিলাৰ পুৰণিগুদাম চলচলিৰ বিৰহী গাঁৱত ৷ ১৯৯৯ চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অগপ চৰকাৰৰ দিনত ৰাজীৱ বৰুৱাই অ বি বি শিক্ষক হিচাপে নিয়ুক্তি লাভ কৰিছিল ৷ নিয়ুক্তিৰ পিছত বহুতৰ চাকৰি নিয়মীয়া কৰণ হয় যদিও ৰাজীৱ বৰুৱাৰ চাকৰিটো নিয়মীয়াকৰণ নহ'ল ৷

চাকৰি কৰি বেতন নোপোৱাৰ বাবে বৰুৱাই নিজ সন্তানক বিচৰাৰ দৰে শিক্ষিত কৰি তুলিব নোৱাৰাৰ দৰে ঘটনাও সংঘটিত হৈছে ৷ জানিব পৰা মতে ২৩ বছৰে চাকৰি কৰি দৰমহা অবিহনে ৰাজীৱ বৰুৱাই চলিত বৰ্ষৰ ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰে ৷ সুদীৰ্ঘ ২৩ বছৰ চাকৰি কৰি এটকাও দৰমহা নোপোৱাকৈ অৱসৰ গ্ৰহণ কৰিব লগা হোৱা শিক্ষক ৰাজীৱ বৰুৱাৰ জীৱনত ঘটা এই ঘটনা চিন্তনীয় ৷

ইফালে ৰাজীৱ বৰুৱাই অৱসৰ গ্ৰহণ কৰিছে যদিও নগাঁও আৰবান বেচিক স্কুলৰ পৰিচালনা সমিতিয়ে তেওঁক পাঠদানৰ কামত নিয়োজিত কৰি ৰাখিছে ৷ বৰুৱাই মানব সম্পদ গঢ় দিয়াৰ মহৎ কামত নিজকে নিয়োজিত কৰি ৰাখিছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in