বৰ্ন্যাতলৈ সহায়ৰ হাত নগাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ…

বৰ্ন্যাতলৈ সহায়ৰ হাত নগাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ…

ডিজিটেল সংবাদ নগাঁও: বান সাহৰ্যৰ বাবে আগবাঢ়ি আহিল একাংশ নগাঁৱৰ ছাত্ৰ-ছাত্ৰী ৷ কপিলীয়ে সৃষ্টি কৰা প্ৰলয়ংনকাৰি বানত হাহাকাৰ কৰা বৰ্ন্যাতক এমুঠি খাদ্য আগবঢ়াই মহানতাৰ পৰিচয় দিলে নগাঁও মহাবিদ্যালয় আৰু নগাঁও আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷

নগাঁও জিলা অগপৰ যুব পৰিষদৰ উদ্যোগত এই সকল ছাত্ৰ-ছাত্ৰীয়ে শুকুৰবাৰে ৰহাৰ বিভিন্ন গাঁৱত খাদ্য সামগ্ৰী বিতৰন কৰে ৷ ৰহাৰ কাকতী গাঁও, কটহগুৰি,সৰা গাঁও,দীঘলদৰি আদিত নাঁৱৰে গৈ বিভিন্ন সামগ্ৰী বিতৰন কৰে ৷ বান সাহাৰ্যৰ এই কাৰ্যসূচীক নেতৃত্ব প্ৰদান কৰে কাশ্যপ ফুকন,পল কুমাৰ বৰদলৈ,বিশাল তামুলী,কঙ্কন শইকীয়া আদিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in