নগাঁৱৰ চাপানালাত ভোগালী বিহুৰ সামৰণি, নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

নগাঁৱৰ চাপানালাত ভোগালী বিহুৰ সামৰণি, নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

ডিজিটেল সংবাদ, চামগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও ম্লান হোৱা নাই ভোগালীৰ আনন্দ। ব্যতিক্ৰম নহয় নগাঁও জিলাৰ চাপানালা। চাপানালাৰ জামুকতল বাসীয়ে মঙলবাৰে এক সুকীয়া ৰীতিৰে সামৰণি পেলালে হেঁপাহৰ ভোগালী বিহু উদযাপনৰ কাৰ্যসূচী। সম্প্ৰতি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চলি থকা সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অব্যাহত থকা ব্যাপক আন্দোলনক নিখুটভাৱে প্ৰতিফলন কৰা অসমৰ বিশাল মানচিত্ৰ আৰু পঞ্চ-শ্বহীদৰ প্ৰতীকচিহ্ন যুক্ত আকৰ্ষণীয় ভেলাঘৰটিৰ বাকৰিত ভোগালী বিহু আনুষ্ঠানিকভাৱে উদযাপনৰ সফল সামৰণি পেলোৱাৰ উদ্দেশ্যৰে সমীপৱৰ্ত্তী কেইবাখনো গাঁৱৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজ লগ হৈ পৰম্পৰাগত ভাৱে সমিলমিলৰে ভোজভাত খোৱা আৰু আনন্দ উল্লাস কৰাৰ সমান্তৰালভাৱে স্থানীয় ৰাইজে অব্যাহত ৰাখিলে 'কা' বিৰোধী প্ৰতিবাদো।

পঞ্চ-শ্বহীদৰ শ্বহীদ-বেদীত বন্তি জ্বলাই আৰম্ভ কৰা সামৰণি অনুষ্ঠানটোত স্থানীয় মহিলা সকলে প্ৰতিবাদ স্বৰূপে সমূহীয়াকৈ দিহানাম গাই উত্তাল কৰা দেখা গ'ল সমগ্ৰ অঞ্চল। মুঠতে চাপানালাৰ জামুকতলত এফালে ভোগালীৰ সামৰণিৰ আনন্দ উল্লাসৰ বিপৰীতে বিহু তলিত সাব্যস্ত কৰা 'কা' বিৰোধী প্ৰতিবাদৰ দ্বাৰা বৃহত্তৰ চাপানালাৰ অধিকাংশ লোকেই যে প্ৰকৃততে জাতিধ্বংসী আইন খনক বিৰুদ্ধে মাৰ বান্ধি ঠিয় হৈছে আথবা ভবিষ্যতেও ঠিয় দিব তাকে যেন প্ৰতিপন্ন কৰা দেখা গ'ল চৰকাৰ-প্ৰশাসনৰ সন্মুখত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in