নগাঁৱত সামুহিক বিবাহ উদযাপন…

নগাঁৱত সামুহিক বিবাহ উদযাপন…

ডিজিটেল সংবাদ, নগাঁওঃ দেওবাৰ অৰ্থাৎ ১৮ অক্টোবৰত নগাঁৱৰ এগৰাকী বয়োজোষ্ঠ সমাজ সেৱক ,দানী, জ্ঞানী, অল্পভাষী ব‌্যৱসায়ী তথা নগাঁও লায়নছ ক্লাবৰ প্ৰাক্তন সভাপতি ও বৰ্তমানৰ সদশ্য চন্টলাল বাংকা দেৱ (৮৬ বছৰ)ৰ সম্পূৰ্ণ আৰ্থিক সাহায্য দ্বাৰা বন বন্ধু পৰিষদৰ উদ্যোগত নগাঁও মাজমজিয়াত থকা অগ্ৰসেন বিবাহ ভৱনত এখনি সামূহিক বিবাহৰ ব্যৱস্থা কৰি নিমন্ত্ৰিত অতিথি সকলক চাহ মিঠাই, জলপান, দুপৰীয়া সাজেৰে আপ্যায়ন কৰাই সুন্দৰ ভাৱে পৱিত্ৰ বিবাহ কাৰ্য্য সম্পন্ন কৰা হয়।

চামগুৰি, জখলাবন্ধা, বঢ়মপুৰ , আমবাগান পৰা অহা মুঠ ৫ দম্পত্তীক আ-অলংকাৰ, বিচনাপাতি তথা এগৰাকী ক‌ইনাক দিব লগীয়া যাৱতীয় প্ৰায় সকলো ধৰণৰ যৌতুক সহ ব্যৱস্থা কৰা হয়। উক্ত বিবাহ অনুষ্ঠানত নগাঁও লায়ন্চ ক্লাবৰ সভাপতি প্ৰলয় সাহা,সম্পাদক অজয় মিট্টল,কোষাধক্ষ্য সঞ্জয় গাৰোদিয়া পি আৰ অ বিশ্বজিৎ মহন্ত, মহাবীৰ প্ৰসাদ, সুৰিন্দৰ কাৰৱা,পৱন গাৰদিয়া, মানক নাহাটা সহ কেইবাজনো নগাঁও লায়নছ ক্লাৱৰ সদশ্যয়ে উপহাৰ সহ সকলো দৰা ক‌ইনাক আৰ্শীবাদ দি এটি নতুন জীৱনৰ পাতনিৰে সুখ, শান্তি আৰু সমৃদ্ধিৰে আগবাঢ়িব পাৰে তাৰেই কামনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in