মুখ্যমন্ত্ৰীৰ সহায়ৰ পিছতে প্ৰাণ খুলি হাঁহিলে ৰূপজ্যোতিয়ে….

মুখ্যমন্ত্ৰীৰ সহায়ৰ পিছতে প্ৰাণ খুলি হাঁহিলে ৰূপজ্যোতিয়ে….

ডিজিটেল সংবাদ,নগাঁও : হাঁহি, প্ৰানখুলি হাঁহিছে এজন মেধাৱী যুবকে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাবে সম্ভাৱনাপূৰ্ণ নগাঁৱৰ এজন যুৱকে আশাৰ ৰেঙনি দেখিছে ৷ যেন এই ধৰাত জীয়াই থকাৰ নতুন আলোক বিছাৰি পাইছে ৷এই যুৱকজন হৈছে ৰূপজ্যোতি বেজবৰুৰা ৷ ১৯৯৬ চনত ৰূপজ্যোতিয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থান দখল কৰিছিল ৷ পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷

ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰি ৰূপজ্যোতিৰ দ্বাৰা স্থানীয় ছাত্ৰ ছাত্ৰী উপকৃত হৈছিল যদিও চৰকাৰী সংস্থাপনৰ পৰা বঞ্চিত হৈ ৰৈছিল যুৱকজন ৷ ২০১৮ বৰ্ষত ৰূপজ্যোতিৰ শৰীৰত ধৰা পৰে জটিল ৰোগ ৷ ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰয়োজন হৈছিল ধন ৷পৰিয়ালৰ লোকে মাটি বাৰী বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰিল ৷ ৰূপজ্যোতি কিন্তু সুস্থ হৈ নুঠিল ৷ ধনৰ অভাৱত যুবকজনৰ চিকিৎসাত সমস্যাই দেখা দিলে ৷ সু-চিকিৎসাৰ অভাৱত ক্ৰমাৎ দুৰ্বল হৈ পৰিল ৰূপজ্যোতি ৷

এফালে ৰূপজ্যোতিক জটিল ৰোগে কোঙা কৰি আনিছে ৷ আনহাতে ৰোগৰ চিকিৎসাৰ বাবে হাতত নাই ধন ৷ এক অনিশ্চিত ভবিষ্যত ৷ ৰূপজ্যোতি বেজবৰাৰ এই কৰুন ঘটনা সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত পোহৰলৈ অহাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ৰূপজ্যোতিৰ কাষত উপস্থিত হয় ৷ বিধায়ক শৰ্মাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক মেধা যুৱক ৰূপজ্যোতি বেজবৰাৰ বিষয়ে অৱগত কৰে ৷ মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰূপজ্যোতিৰ চিকিৎসাৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত এক লাখ টকাৰ চেক যোগে আৰ্থিক সহায় আগবঢ়াই ৷

মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰূপজ্যোতিৰ চিকিৎসাৰ বাবে আগবঢ়োৱা ধনৰ চেক শণিবাৰে বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ বেবেজীয়াৰ মাহৰিআটিৰ বাসভৱনত উপস্থিত হৈ প্ৰদান কৰে ৷ পিতৃক হেৰুৱা ৰূপজ্যোতি আৰু মাতৃয়ে ধনৰ চেক খনি বিধায়কজনৰ পৰা গ্ৰহণ কৰে ৷ চিকিৎসাৰ বাবে বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায় পোৱাত বহু বছৰৰ মূৰত আনন্দত প্ৰানখুলি হাঁহিলে ৰূপজ্যোতিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in