ভীষণ সমস্যাঃ এটা পথক লৈ লৰা ঢপৰা গাঁৱৰ ৰাইজৰ…

ভীষণ সমস্যাঃ এটা পথক লৈ লৰা ঢপৰা গাঁৱৰ ৰাইজৰ…

ডিজিটেল সংবাদ, নগাঁওঃ এটা পথক লৈ লৰা ঢপৰা এখন গাঁৱৰ লোকৰ৷ নিৰ্মান সম্পূৰ্ণ হোৱা পথটোক লৈ সমস্যাৰ সন্মুখীন হৈছে লোক সকল৷ বাৰিষা পথটোৰে যাতায়ত কৰাত বাৰুকৈয়ে সমস্যাত পৰিল৷ খৰালি অহাত সেয়ে লৰা ঢপৰা কৰিছে গাঁওখনৰ লোকে৷ কিবাকৈ পথটো উন্নত কৰিব পাৰি নেকি বুলি পঞ্চায়ত সভাপতিৰ ওচৰলৈ গৈছে গাঁওবাসী৷ পঞ্চায়ত সচিবৰ ওচৰলৈ গৈছে যদিও তেওঁলোকৰ তৰফৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ ৰাইজৰ৷

ঘটনাটো ঘটিছে নগাঁৱৰ শেনছোৱা পঞ্চায়তত৷ শেনছোৱাৰ নতুন কলনীৰ পথটো ২০১৯-২০২০ বৰ্ষত শেনছোৱা পঞ্চায়তে নিৰ্মান কৰিছিল৷ নিৰ্মানৰ বাবে ৪৬৯৭৩৮ টকা ধাৰ্য কৰা হৈছিল৷ সেই মতে কাম হৈ গ'ল ৷ কিন্ত ৰাইজৰ কামতহে নাহিল৷ কেইগাড়ী মান মাটি পেলাই পথ নিৰ্মান কৰা কাম সম্পূৰ্ণ কৰা বুলি ফলক লগোৱা হ'ল৷ ৰাইজৰ অভিযোগ আবন্টিত ধনৰ সঠিক প্ৰয়োগ নহল ৷ আচঁনি মতে নহ'ল কাম কৰা৷ যাৰ বাবে ৰাইজে বাৰুকৈয়ে হাৰাশাস্তিৰ সন্মূখীন হ'ব লগা হৈছে৷ ৰাইজে বিচাৰিছে পথটো পুনৰ নিৰ্মান কৰি সুচল যাতায়তৰ ব্যবস্হাৰ হোৱাৰ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in