নগাঁৱৰ পুৰণিগুদামত শিল্পী দিৱস উদযাপনৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ…

নগাঁৱৰ পুৰণিগুদামত শিল্পী দিৱস উদযাপনৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ…

ডিজিটেল সংবাদ, চামগুৰি: শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ পুৰণিগুদামতো ব্যতিক্ৰমীভাৱে অনুষ্ঠিত কৰিছে শিল্পী দিৱস। নগাঁৱৰ পুৰণিগুদামত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিল্পী দিৱসৰ দিনাই জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

প্ৰয়াত শিল্পী গৰাকীক সোঁৱৰণ কৰাৰ লগতে 'কা' বিৰোধী আন্দোলনত শ্বহীদ হোৱা ৫জন শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই পুৰণিগুদামৰ ভাস্কয্য শিল্পী পাৰ্থপ্ৰতিম বৰুৱাৰ সহযোগত স্থানীয় ৰাইজে গছ পুলি ৰোপনেৰে 'কা'ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, উক্ত স্থানৰ পৰাই ৰাইজে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in