নগাঁৱৰ পুৰণিগুদামত পথ দুৰ্ঘটনা, এঘন্টা সময় ৰাইজৰ পথ অৱৰোধ

নগাঁৱৰ পুৰণিগুদামত পথ দুৰ্ঘটনা, এঘন্টা সময় ৰাইজৰ পথ অৱৰোধ

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামত শুকুৰবাৰে নিশা সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ স্থানীয় ৰাইজে অৱৰোধ কৰিলে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। পুৰণিগুদামৰ ভীমৰগাঁৱত নিশা এএছ-০১-বিপি-৩৫২৪ নম্বৰৰ এখন হুণ্ডাই এক্সচেণ্ট আৰু নগাঁও অভিমুখী এএছ-০২-জি-৬৬৯৬ নম্বৰৰ এখন দ্ৰুতবেগী হুণ্ডাই আইটেনৰ মাজত হোৱা সংঘৰ্ষৰ পিছতেই উদ্ভৱ হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ।

উল্লেখযোগ্য যে, বৃহত্তৰ অঞ্চলটোত চাৰি লেন যুক্ত ৰাজপথৰ নিৰ্মাণৰ কাম আধৰুৱা হৈ থকাৰ বাবেই সঘনাই অঞ্চলটোত বহু সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ অসংখ্য লোকৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ অভিযোগ উত্থাপন কৰি চৰম অসন্তুষ্টি ব্যক্ত কৰে ৰাজ্যৰ সংশ্লিষ্ট গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে।

ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে শীঘ্ৰে পথৰ দাঁতিত সাংকেতিক ফলক লগোৱাৰ আশ্বাস ক্ষুব্ধ প্ৰতিবাদী ৰাইজক প্ৰদান কৰাত প্ৰায় এঘণ্টাৰ পাছত ৰাজপথ চোৱা মুকলি কৰি দিয়ে যদিও তাৰ পিছতেই ব্যাপক যানজঁটৰ সৃষ্টি হয় ৰাজপথৰ দুয়ো দিশে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in