সাংবাদিক-সাহিত্যিক-শিল্পী-অধিবক্তা-ছাত্ৰৰ প্ৰতিবাদত উত্তাল নগাঁও

সাংবাদিক-সাহিত্যিক-শিল্পী-অধিবক্তা-ছাত্ৰৰ প্ৰতিবাদত উত্তাল নগাঁও

ডিজিটেল সংবাদ, নগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱত অব্যাহত আছে প্ৰতিবাদ। শুকুৰবাৰে নগাঁও চহৰত নগাঁও উকিল সন্থা, সাংবাদিক-বুদ্ধিজীৱি-সাহিত্যিক-শিল্পী আদিৰ লগতে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইয়ে পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে এন এছ ইউ আইয়ে। নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, জাতীয় খনলায়ক হায়-হায় ধ্বনিৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে পৰিৱেশ।

কেবল নিৰ্বাচনত জয়ী হোৱাৰ মানসিকতাৰেই এক ভয়ানক বিপদ অসমবাসীক জাপি দিয়া বুলি বিজেপিক ধিক্কাৰ দিয়ে প্ৰতিবাদকাৰীয়ে। একেদৰে সন্মিলিতভাৱে সাংবাদিক-বুদ্ধিজীবি-শিল্পী-সাহিত্যিক আদিয়ে পুৱা ১১বজাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। শ্বহীদ ভবনৰ প্ৰাঙ্গনত প্ৰথমে চমু প্ৰতিবাদী সভা এখন অনুষ্ঠিত হয়। জেষ্ঠ্য সাংবাদিক মুনীন্দ্ৰ শইকীয়াই আতঁ ধৰা এই প্ৰতিবাদী সভাত বিশিষ্ট গৱেষক ডঃ নৰেন কলিতাই নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হ'লে অসমতে অসমীয়াক অস্তিত্ব বিপন্ন হ'ব বুলি মত ব্যক্ত কৰি চৰকাৰক এনে জাতিধ্বংসী আইন বাতিল কৰাৰ দাবী জনায়।

বিশিষ্ট গল্পকাৰ প্ৰভাত বৰা, সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি উপেন বৰকটকী, বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি, অধ্যাপক তথা কবি জীবন নৰহ, জেষ্ঠ্য সাংবাদিক কনক হাজৰিকা, সংগ্ৰামী মহিলা মামণি বৰা, অধ্যাপক গিৰীণ বৰুৱা, ডাঃ ধীৰেণ বৰকাকতি, মোলান লস্কৰ, দুলাল বৰা প্ৰমুখ্যে বিশিষ্ট লোকসকল উপস্থিত থকা সভাখনত ভাষণ ৰাখি সাংবাদিক প্ৰকাশ মহন্তই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰ লগতে বিজেপি চৰকাৰে সংৰক্ষণৰ নামত খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাজত বিভেদৰ বীজ সিঁচি অ-খিলঞ্জীয়াৰ ভোটেৰে পুনৰ ক্ষমতা দখলৰ ষড়যন্ত্ৰ কৰা বুলি গুৰুতৰ অভিযোগ কৰে। আনহাতে অসমৰ বিবেক স্বৰূপ অশীতিপৰ চিন্তাবিদ হীৰেণ গোহাঁইৰ বিৰুদ্ধে চৰকাৰে ৰাষ্ট্ৰদোহৰ গোচৰ তৰি তেওঁলোকৰ চৈৰাচাৰে কি পৰ্যায় পাইছেগৈ সেয়া উদঙাই দিয়া বুলি মন্তব্য কৰি ইয়াৰ বাবে চৰকাৰক ধিক্কাৰ দি অতিশীঘ্ৰে গোচৰ প্ৰত্যাহাৰৰ দাবী জনায়।

আনহাতে বিশিষ্ট কবি জীবন নৰহে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন গাঁৱে গাঁৱে বিয়পাই দিব নোৱাৰিলে চহৰত চ্যুট টাই মাৰি কৰা আন্দোলন কেতিয়াও সফল নহয় বুলি মন্তব্য কৰে। সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই সমাগত দিনত সমগ্ৰ ৰাজ্যত গাঁৱে ভূৱে নগৰে চহৰে সৰ্বাত্মক আন্দোলন গঢ়ি তুলিব নোৱাৰিলে অসমীয়া জাতিৰ নিষ্ঠাৰ নাই বুলি মন্তব্য কৰে।প্ৰতিবাদী সভাৰ পিছতে নগাঁও চহৰৰ মাজেৰে এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। প্ৰতিবাদী সভাৰ পিছতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰাৰ অন্তত শ্বহীদ ভৱনৰ পৰা উলিওৱা হয় সহস্ৰাধিক লোকৰ এক সমদল। বাহিৰত ৰৈ থকা অগণন লোকে ইয়াত সহযোগ কৰে। বিভিন্ন ধ্বনীৰে নগৰখন উত্তাল কৰি তোলা সমদলটোৱে নতুন বজাৰ, কৃষ্ণা চিনেমা হল চাৰিআলি, খ্ৰীষ্টান পট্টি হৈ চাৰ্কিট হাউচ, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখেৰে ঘূৰি পুনৰ  শ্বহীদ ভৱনত ইয়াৰ সামৰণি মাৰে।

ইফালে নগাঁও উকিল সন্থাৰ কাৰ্যালয়ৰ সন্মুখতে সদৌ অসম উকীল সন্থাৰ আহ্বান ক্ৰমে নগাঁও আদালতৰ অধীবক্তাসকলে শুকুৰবাৰে অৱস্থান ধৰ্মঘট পালনেৰে নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবী জনায়। এই আন্দোলনৰ নেতৃত্ব দিয়ে জ্যেষ্ঠ অধীবক্তা তথা উকীল সন্থাৰ সভাপতি মহেশ দাসে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in