স্বাধীনতা দিৱসক লৈ সষ্টম নগাঁও আৰক্ষী

স্বাধীনতা দিৱসক লৈ সষ্টম নগাঁও আৰক্ষী

ডিজিটেল সংবাদ, নগাঁওঃ স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কূটাঘাতকাৰীয়ে যাতে  কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষ নজৰ ৰাখিছে নগাঁও আৰক্ষী।

নগাঁও চহৰৰ লগতে ডিমৰুগুৰি, বৰঘাট, পানীগাঁও, ধিং গেইটককে ধৰি বিভিন্ন স্থানত আৰক্ষীয়ে তীব্ৰ তালাচী অভিযান চলাইছে। জিলাখনত শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস পালন কৰাৰ উদ্দেশ্যে সষ্টম হৈ পৰিছে নগাঁও আৰক্ষী।

স্বাধীনতা দিৱসৰ নিৰাপত্তাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষক এছ ৰায় মেধিয়ে কয় যে, উগ্ৰপন্থীৰ সৰ্ন্দভত কোনো নিৰ্দিষ্ট তথ্য নাই। নগাঁও সদৰ আৰু কলিয়াবৰৰ পেৰেড গ্ৰাউণ্ডৰ নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে। আৰু সকলো থানাৰ অধীনত তালাচী চলাই থকা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in