পুত্ৰৰ সৈতে সুৰাপান কৰা মাতাল আৰক্ষীয়ে প্ৰহাৰ কৰিলে আৰক্ষীক, নগাঁৱত চাঞ্চল্য

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও আৰক্ষী নিৱেশৰ চৰকাৰী আবাসগৃহত শুকুৰবাৰে নিশা আৰক্ষীৰ মাজত হোৱা এক মাৰপিটৰ ঘটনাই অসম আৰক্ষীক লজ্জানত কৰিছে। কালি নিশা সংঘটিত এই মাৰপিটৰ ঘটনাত এগৰাকী আৰক্ষীৰ উপ-পৰিদৰ্শকসহ দুজন আৰক্ষীৰ লোক গুৰুতৰভাবে আহত হৈছে।

আৰক্ষীক লজ্জানত কৰা এই ঘটনাটোৱে জিলাখনৰ আৰক্ষী মহলৰ লগতে ভূ-ৰখা মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, নগাঁও আৰক্ষী নিৱেশৰ চৰকাৰী আবাসগৃহৰ আবাসী কনিষ্টবল বিশ্বজিৎ ডেকা আৰু তেওঁৰ পুত্ৰ প্ৰকাশ ডেকাই নিশা অত্যাধিক মদ্যপান কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত অতিষ্ঠ হৈ পৰা স্থানীয় লোকে ঘটনা সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকক অৱগত কৰে।

পিছত আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে নগাঁও নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰাজ মোহন ডেকা আৰু দীপনাৰায়ন গিৰিয়ে ঘটনাৰ বুজ ল'বলৈ ঘটনাস্থলীত উপস্থিত হোৱা মাত্ৰেই সুৰাৰ ৰাগীত মাতাল আৰক্ষী কনিষ্টবল বিশ্বজিৎ ডেকা আৰু তেওঁৰ পুত্ৰ‌ই তেওঁলোকক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। ইমানতে ক্ষান্ত নাথাকি আৰক্ষী কনিষ্ঠ আৰু তেওঁৰ পুত্ৰই মিলি উপ-পৰিদৰ্শক বিৰাজ মোহন ডেকা আৰু দীপনাৰায়ণ গিৰিক বিছনাৰ খুটাত বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি দুয়োকে গুৰুতৰ ভাবে আহত কৰে।

এইদৰে উপৰ্যুপৰি মাৰপিট কৰি থকা ঘটনাৰ বিষয়ে অৱগত হৈ প্ৰতিবেশী একাংশ লোকে আৰক্ষীৰ উপ পৰিদৰ্শক বিজয় মোহন আৰু কনিষ্টবল গিৰি দুয়োকে আন আৰক্ষীৰ লোকৰ সহযোগত উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে নগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৩৪২, ৩৫৩, ৩৩২, ৩৩৩, ৩০৭, ৩৯৪আৰু ৩৪ ধাৰাৰ অধীনত ২৪৮২/১৮ নম্বৰত এক গোচৰ ৰুজু কৰি সুৰামত্ত আৰক্ষী কনিষ্টবল বিশ্বজিৎ আৰু পুত্ৰ প্ৰকাশ্য ডেকাক গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।

এইদৰে সুৰামত্ত হৈ আৰক্ষীৰ জোৱানে আৰক্ষীক মাৰপিট কৰি আহত কৰা কাৰ্যত সকলোৱে স্তম্ভিত কৰি তুলিছে। আৰক্ষীৰ জোৱানৰ হাততেই আৰক্ষী বিষয়াৰ নিৰাপত্তা নোহোৱা বিষয়টোৱে সচেতন ৰাইজক ভবাই তুলিছে যে অসম আৰক্ষীৰ এই জোৱান সকলে সৰ্বসাধাৰণ ৰাইজক কেনেদৰে নিৰাপত্তা দিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in