নগাঁও এন এছ ইউ আইৰ উদ্যোগত সাংবাদিক পৰাগ ভূঞাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান…

নগাঁও এন এছ ইউ আইৰ উদ্যোগত সাংবাদিক পৰাগ ভূঞাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ যোৱা ১১ নৱেম্বৰত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপ-সভাপতি তথা প্ৰতিদিন টাইমৰ সাংবাদিক পৰাগ ভূঞা এক পথ দূৰ্ঘটনাত গুৰুতৰভাবে আহত হৈ অৱশেষত ১২ নৱেম্বৰত মৃত্যুৰ সৈতে যুঁজি হাৰ মানে। সাংবাদিক পৰাগ ভূঞাক দ্ৰুতবেগী বাহনে খুন্দিয়াই পৰিকল্পিত হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে নগাঁও জিলা এন এছ ইউ আই-য়ে।

উক্ত ঘটনাক চি বি আই তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী তুলিছে নগাঁও জিলাৰ সম্পাদক আকাশ হাজৰিকাই। দেওবাৰে সন্ধিয়া নগাঁও জিলা এন এছ ইউ আইৰ উদ্যোগত বটদ্ৰৱাৰ কৰ্মীৰ সহযোগ বটদ্ৰৱাৰ কৰৈগুড়িত (জামতলত) সাংবাদিক পৰাগ ভূঞাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

ইয়ং ব্ৰিজৰ 'YOUNG BRIGADE' নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক ইক্ৰাম হুছেইন লস্কৰৰে আঁত ধৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰি কৰ্মী সকলে শোক প্ৰকাশ কৰাৰ লগতে সাংবাদিক পৰাগ ভূঞাৰ আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত হিফজুৰ ৰহমান, সমাজসেৱক মৌচিন হাজৰিকা, শ্বাহ আলমৰ লগতে কৰ্মী সকল উপস্থিত আছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in