নগাঁৱত যথোপয়ুক্ত শিশু খাদ্য যোগান নধৰাৰ ৰহস্য কি ?

নগাঁৱত যথোপয়ুক্ত শিশু খাদ্য যোগান নধৰাৰ ৰহস্য কি ?

ডিজিটেল সংবাদ,নগাঁও: ৰাজ্যত প্ৰলয়ংকাৰী বান ৷ বানৰ পৰা মুক্ত নহয় নগাঁও জিলা ৷ জিলাখনৰ কামপুৰ,ৰহা,নগাঁও সদৰ,ধিঙ,ৰূপহীহাট,চামগুৰি,কলিয়াবৰ ৰাজহ চক্ৰৰ এলেকা বানৰ কবলত পৰিছে ৷ ইয়াৰে কামপুৰ ৰাজহ চক্ৰত ব্যাপক ক্ষতি সাধন কৰিছে বানে ৷ ইয়াৰ পিছতে আছে ৰহা ৷

প্ৰলয়ংকাৰী বানত কামপুৰৰ ১৯০ টাকৈ অংগনাবাদী কেন্দ্ৰৰ ক্ষতি সাধন হৈছে ৷ পোন্ধৰ জুনৰ পৰা আৰম্ভ হোৱা বান পৰিস্থিতিৰ বাবে কামপুৰত ঘৰ এৰিব লগা হৈছে ৯০ হাজাৰ ৫৬৪ টাকৈ শিশুয়ে ৷ একেদৰে ৰহাত বানৰ দ্বাৰা আক্ৰান্ত হৈছে ৩৯ হাজাৰ ২৪ টা শিশু ৷ নগাঁও সদৰত আক্ৰান্ত হৈছে ১৩ হাজাৰ ৫১২ টিকৈ শিশু ৷

জিলাখনত এই বেলি সোমবাৰ পৰ্যন্ত বানৰ কবলত পৰিছে সৰ্বমুঠ ১ লাখ ৪৪ হাজাৰ ৭৭৪ টিকৈ শিশু ৷ এই শিশুসকলৰ বাবে নগাঁও জিলা প্ৰশাসনে কি কৰিছে ৷ বানাক্ৰান্ত এই বৃহৎ সংখ্যক শিশু জিলা প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰতে নাই ৷ পৰিয়ালৰ সৈতে কোনো আছে পথৰ কাষত, কোনো আছে বানৰ মাজৰ ওখ স্থানত ৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সতৰ্ক কৰি দিছে ৰাজ্যৰ সকলো উপায়ুক্তক ৷ শিশু খাদ্য যোগান ধৰাৰ ক্ষেত্ৰত কৃপনালী নকৰিবলৈ ৷ সাহাৰ্য্য প্ৰদানৰ বাবে চৰকাৰৰ ধনৰ অভাব নাই বুলি স্পষ্ট কৰি দিছে ৷ সাহাৰ্য প্ৰদানত হেমাহি নকৰিবলৈ কঠোৰ বানী শুনাইছে মুখ্যমন্ত্ৰীয়ে ৷

ৰাইজৰ ৰাজহৰে চৰকাৰৰ পূঁজি টনকীয়াল হৈছে ৷ চৰকাৰে সাহাৰ্যৰ বাবে বিষয়াক কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ দিছে ৷ তাৰ পিছটো নগাঁৱত শিশু খাদ্য প্ৰদানত বিষয়াৰ কৃপনালী ৷ ১ লাখ ৪৪ হাজাৰ ৭৭৪ টা শিশুৰ বাবে নগাঁও জিলা প্ৰশাসনে শিশু খাদ্য কি দিছে জানিলে চকু কপালত উঠিব ৷

সোমবাৰৰ দিনটোত কামপুৰৰ বানাক্ৰান্ত ৯০ হাজাৰ ৫৬৪ টা শিশুৰ বাবে দিয়া হৈছে ২৫০ পেকেট পনীয়া আৰু ২৫০ পেকেট নিমখীয়া শিশু খাদ্য ৷ নগাঁও সদৰৰ ১৩ হাজাৰ ৫১২ শিশুৰ বাবে ৩১৬২ পেকেট পনীয়া আৰু ৪৫৪২ পেকেট নিমখীয়া শিশু খাদ্য ৷ দুখজনক বিষয় এই যে সোমবাৰৰ দিনটোত ৰহাৰ ৩৯ হাজাৰ ২৪ টা শিশুৰ বাবে কোনো শিশু খাদ্য প্ৰদান কৰা নাই নগাঁও জিলা প্ৰশাসনে ৷

১৯ জুনত কামপুৰলৈ আগবঢ়োৱা হৈছিল এহেজাৰ পেকটকৈ পনীয়া আৰু নিমখীয়া শিশু খাদ্যৰ পেকেট ৷ ৰহালৈ ৫৩৪ পেকেটকৈ পনীয়া আৰু নিমখীয়া খাদ্য ৷ ১৮ জুনত কামপুৰলৈ বুলি দিছিল পাঁচশ পেকেটকৈ নিমখীয়া খাদ্য আৰু পনীয়া খাদ্য ৷ ১৬ আৰু ১৭ জুনত কোনো খাদ্য পেকেট যোগান ধৰা হোৱা নাছিল ৷

উল্লেখ্য এই যে নগাঁও জিলাত দুৰ্যোগ প্ৰশমন বিভাগটোৰ দায়িত্বত আছে জিলা উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈৰ হাতত ৷ নগাঁৱৰ প্ৰশাসনিক বিষয়াৰ মাজত চলা আলোচনা মতে এই বিভাগটো লোভনীয় বিভাগ ৷ নিয়ম মতে এজন অতিৰিক্ত উপায়ুক্তৰ হাতত থাকিব লগা বিভাগটো জিলা উপায়ুক্তৰ বিশ্বাসী বিষয়া হোৱাৰ বাবে উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈৰ হাতত আছে ৷ নগাঁৱৰ প্ৰলয়ংকাৰি বানৰ সময়ত মন্ত্ৰী,বিধায়ক বান চাবলৈ গ'লে পিছে পিছে যায় উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈ ৷ আন সময়ত উপায়ুক্ত কাৰ্যালয়ৰ পৰা ফোনতে প্ৰলয়ংকাৰি বান পৰ্যবেক্ষন কৰে বিষয়াজনে ৷

জানিব পৰা মতে শিশু খাদ্য প্ৰদানৰ বাবে চক্ৰ বিষয়াৰ পৰা ৰিকুউজেচন পাব লাগে উপায়ুক্তই ৷ সেই মৰ্মে সামগ্ৰী যোগান ধৰা হয় ৷ প্ৰশ্ন হৈছে দুৰ্য্যোগ প্ৰশমন বিভাগে প্ৰস্তুত কৰা প্ৰতিবেদন মতে নগাঁৱত বানাক্ৰান্ত শিশু আছে ১ লাখ ৪৪ হাজাৰ ৭৭৪ জন ৷ তাৰ পিছত বিগত পাঁচদিনে শিশুৰ বাবে যথোপযুক্ত খাদ্য যোগান নধৰাৰ ৰহস্য কি?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in