বৈধ-অবৈধ! জন্মিয়েই জটিল পৃথিৱীক বিদায় নগাঁৱৰ বাঁহনিত উদ্ধাৰ হোৱা নৱজাতকৰ

বৈধ-অবৈধ! জন্মিয়েই জটিল পৃথিৱীক বিদায় নগাঁৱৰ বাঁহনিত উদ্ধাৰ হোৱা নৱজাতকৰ

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ কাষৰীয়া টাউন তেলিয়াগাঁও মাজৰআটিত পাশান মাতৃৰ নিষ্ঠুৰতাৰ বলি হোৱা নৱজাতকটিয়ে অবশেষত মৃত্যুক সাৱটি ল'লে। মঙলবাৰে পুৱা তেলিয়াগাঁৱৰ এঘৰ লোকৰ বাঁহনিৰ পৰা উদ্ধাৰ হৈছিল নৱজাতকটি। মুখ লজ্জাৰ ভয়ত  নিষ্ঠুৰ মাতৃয়ে দ্বিতীয় মহলাৰ পৰা বাঁহনিত সোমবাৰে নিশা নিজৰ সদ্যজাত সন্তানটিক পেলাই দিছিল।

জানিব পৰামতে, তেলিয়াগাঁৱৰ এঘৰ লোকৰ ঘৰত বনকৰা মহিলা হিচাপে নিযুক্ত মহিলাগৰাকীয়ে মুখলজ্জা ঢাকিবৰ বাবেই নৱজাতকটিক দুই মহলাৰ পৰা কাষতে থকা মণিৰাম নাথ নামৰ চুবুৰীয়া লোকজনৰ ঘৰৰ পিছফালৰ বাঁহনিত দলিয়াই দিছিল। মঙলবাৰে পুৱা কেচুৱাটোৰ কান্দোন শুনি মনিৰাম নাথৰ পৰিয়ালে শিশুটি উদ্ধাৰ কৰি পৰিচৰ্যা কৰে।

স্থানীয় সূত্ৰই জনোৱা মতে, সোমবাৰে বিয়লি ভাগত বনকৰা মহিলাগৰাকীয়ে নৱজাতক শিশুটি ছাত্ৰীবাসৰ গৃহস্থৰ ঘৰতে প্ৰসৱ কৰিছিল আৰু সন্ধ্যা শিশুটিক দলিয়াই দিয়ে। আজি পুৱা নৱজাতক শিশুটি জীৱিত অৱস্থাত উদ্ধাৰ হোৱা খবৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় একাংশ লোকে ঘটনাটোৰ সন্দৰ্ভত গাঁওবুঢ়া আৰু হয়বৰগাঁও আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ৰ শিশু পৰিচাৰ্য গৃহত চিকিৎসাৰ ব্যৱস্থা কৰে।

ঘটনাস্থলীত তেজৰ চেঁকুৰাৰ পম খেদি আৰক্ষীয়ে বনকৰা মহিলাগৰাকী আটক কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত মহিলাগৰাকীক ঘটনা সন্দৰ্ভত সোধা-পোচা কৰে। আৰক্ষীৰ জেৰাত মহিলাগৰাকীয়ে নিজৰ নৱজাতক শিশুটিক মুখলজ্জাৰ ভয়ত বাঁহনিলৈ নিক্ষেপ কৰাৰ কথা স্বীকাৰ কৰে। মহিলাগৰাকীয়ে নৱজাতক শিশুটিৰ পিতৃ অজয় দাস বুলি দাবী কৰে।

সোণাপুৰৰ এই বিধৱা বনকৰা মহিলাগৰাকী ইয়াৰ পূৰ্বে ৰহাত আছিল। তেতিয়াই চিনাকি হৈছিল চাপৰমুখ অঞ্চলৰ কাৰিকৰ অজয় দাসৰ সৈতে। অজয় দাসৰে হোৱা শাৰিৰীক সম্পৰ্কৰ বাবেই মহিলাগৰাকী অন্তঃসত্তা হয় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। কিন্তু মহিলাগৰাকী অন্তঃসত্তা হোৱাৰ বিষয়ে জানিব পাৰি অজয় দাস নামৰ লম্পটটো কেৰালালৈ পলায়ন কৰে।

আনহাতে মহিলাগৰাকীয়ে সোমবাৰে শিশুটি জন্ম দিয়াৰ পিছতেই কিংকৰ্তব্যবিমূঢ় হৈ পৰে আৰু উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে শিশুটিক বাঁহনিলৈ দলিয়াই দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বনকৰা মহিলাগৰাকীৰ ঘৰৰ মালিকক সোধা-পোচা কৰে যদিও, তেওঁৰ ঘটনাটোৰ বিষয়ে অজ্ঞতা বুলি প্ৰকাশ কৰিছে।

নিজৰ ঘৰত এগৰাকী অন্তঃসত্তা মহিলা থকাৰ পিছতো ঘটনাটো ঘৰৰ মালিকে গম নোপোৱা বিষয়টোৱে অধিক ৰহস্যময় কৰি তুলিছে। আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে। আৰক্ষী সূত্ৰই জনোৱা মতে, সন্তান প্ৰসৱ কৰা মহিলাগৰাকী সম্প্ৰতি নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইফালে মঙলবাৰে নিশা চিকিৎসালয়ত শিশুটোৰ মৃত্যু হোৱাত শোকৰ ছাঁ পৰিছে । শিশুটি উদ্ধাৰ হোৱাৰ পিছত স্থানীয় লোকে শিশুটি প্ৰতিপালন কৰিবলৈকো ইচ্ছা প্ৰকাশ কৰিছিল। স্থানীয় বহু লোকে চিকিৎসালয়লৈ গৈ স্বাস্থ্যৰ বুজ লৈছিল। বহু লোকে শিশুটি ডাঙৰ-দীঘল কৰাৰ ইচ্ছা প্ৰকাশ কৰি আৰক্ষীৰে যোগাযোগ কৰিছিল। আনকি শিশুটিৰ দায়িত্ব ল'বলৈ কেবাটাও সংস্থাই আগবাঢ়ি আহিছিল। শিশুটি সুস্থ হৈ উঠা কামনা কৰিছিল সকলোৱে। কিন্তু সোমবাৰে নিশা ঠাণ্ডাত শিশুটি বাঁহনিত পৰি থকাত চিকিৎসকৰ সকলো চেষ্টা অথলে যায়। ঘটনাৰ সন্দৰ্ভত নগাঁও হয়বৰ গাঁও আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে, সোমবাৰে নগাঁও জিলাৰে বটদ্ৰৱা অঞ্চলত পিতৃৰ গাড়ীৰ চেপাত পৰি অসাৱধানবশতঃ মৃত্যুক সাৱটিছিল এটি কণমানিয়ে। সেই ঘটনাৰ শোকৰ ছাঁ মাৰ নৌযাওতেই আজি পুনৰ সংঘটিত এই ঘটনাটোৱে সকলোকে ব্যাথিত কৰি তুলিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in