নগাঁৱৰ নেহেৰুবালীত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সোণালী জয়ন্তী কাৰ্যসূচীৰ সামৰণি, নাথ যোগীসকল দেশৰ প্ৰাচীন শ্ৰেষ্ঠতম জাতিঃ সৰ্বানন্দ সোণোৱাল

নগাঁৱৰ নেহেৰুবালীত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সোণালী জয়ন্তী কাৰ্যসূচীৰ সামৰণি, নাথ যোগীসকল দেশৰ প্ৰাচীন শ্ৰেষ্ঠতম জাতিঃ সৰ্বানন্দ সোণোৱাল

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সোণালী জয়ন্তী কাৰ্যসূচীৰ শনিবাৰে আনুষ্ঠানিকভাৱে সামৰণি পৰে। নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত হোৱা সোণালী জয়ন্তীৰ সামৰণি কাৰ্যসূচীৰ মুকলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। নিজ ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাথ যোগীসকল দেশৰ প্ৰাচীন শ্ৰেষ্ঠতম জাতি বুলি অভিহিত কৰি স্বাধীনতা আন্দোলন, অসম আন্দোলনত নাথ যোগীৰ আত্মবলিদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰি মহান শ্বহীদৰ ত্যাগ অথলে নাযায় বুলি মন্তব্য কৰে।

ছয় বছৰীয়া অসম আন্দোলনত নাথ যোগী সম্প্ৰদায়ৰ ১৪০ গৰাকী শ্বহীদে আত্মবলিদান দিছিল বুলি মন্তব্য কৰি সৰ্বানন্দ সোণোৱালে এনে এক মহান জাতিয়ে সমাজলৈ সদায় ঐক্য সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰে বুলি মন্তব্য কৰিছে।

বিজ্ঞান প্ৰযুক্তিৰ দিনত শিক্ষাক সৰ্বাধিক গুৰুত্ব দিয়াৰ আহ্বান জনাই নাথ যোগীৰ বাবে গুৱাহাটীত অতিথিশালা নিৰ্মাণৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে। তদুপৰি বিজেপি মিত্ৰদলৰ চৰকাৰে অসম চুক্তিৰ ছয় নং দফা ৰূপায়নৰ বাবে ইতিমধ্যে উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিয়াটো উল্লেখনীয় দিশ বুলি অভিহিত কৰি খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰ দায়বদ্ধ বুলি মন্তব্য কৰিছে।

তদুপৰি মুখ্যমন্ত্ৰীয়ে চৰকাৰী আঁচনিসমুহ সঠিক ৰূপায়নৰ ক্ষেত্ৰত সকলোকে চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, শনিবাৰৰ সভাত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ড° অৰুণ কুমাৰ বৰা, সাধাৰণ সম্পাদক ডম্বৰুধৰ নাথ, প্ৰাক্তন ৰাজ্যিক ৰে'ল মন্ত্ৰী ৰাজেন গোঁহাই, বিধায়ক ক্ৰমে কিশোৰ নাথ, ডিম্বেশ্বৰ দাস, ৰূপক কুমাৰ শৰ্মা, বিজেপি নেতা বেণুধৰ নাথ, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰাৰ লগতে কেবা সহস্ৰাধিক ৰাইজে মুকলি সভাত অংশ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in