নগাঁও পৰিবহন বিষয়াৰ জ্ঞাতে উৎকোচ লৈ আহিছিল ধৃত এম ভি আইয়ে

নগাঁও পৰিবহন বিষয়াৰ জ্ঞাতে উৎকোচ লৈ আহিছিল ধৃত এম ভি আইয়ে

ডিজিটেল সংবাদ , নগাঁও : নগাঁও জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ এম ভি আই হোমেন দাসে চলোৱা উৎকোচৰ বজাৰখনৰ বিষয়ে অবগত আছিল জিলা পৰিবহন বিষয়া উৎপল গগৈ ৷ মঙ্গলবাৰে সন্ধ্যা এম ভি আই হোমেন দাসক উৎকোচ লৈ থাকোতে হাতে লোতে গ্ৰেপ্তাৰ কৰিছিল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ গাড়ীৰ ফিটনেচৰ প্ৰমান পত্ৰ প্ৰদানৰ নামত এজন লোকৰ পৰা ধন দাবী কৰিছিল হোমেন দাসে ৷ লোকজন কাষ চাপিছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ৷ এজাহাৰৰ ভিত্তিত নগাঁও সদৰ থানাত ৰুজু কৰিছিল গোচৰ ৷ মঙ্গলবাৰে ডি এছ পি ত্ৰিদীপ কুম্বাঙ আৰু সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক লগত লৈ আনন্দ মিশ্ৰই আৰম্ভ কৰিছিল অভিযান ৷

হোমেন দাসে দাবী কৰা ধন লৈ এজাহাৰকাৰী আৰু অসামৰিৰ পোচাকত যোৱা আৰক্ষী উপস্হিত হৈছিল জিলা পৰিবহন বিষয়া কাৰ্যালয়ত ৷ এম ভি আই কক্ষত প্ৰবেশ কৰিছিল অভিযানকাৰী দল ৷ তেতিয়া কোঠাত আছিল পিয়ন প্ৰনব মহন্ত , কম্পিউটাৰ সহায়িক বলবন্ত কৌৰ ওৰফে নিছা ৷ কক্ষৰ বাহিৰত দাসৰ গাড়ী চালক পুলক ৰয় ৷ পৰিকল্পনা অনুসৰি এম ভি আই হোমেন দাসৰ সন্মূখত উপস্হিত হৈছিল এজাহাৰকাৰী ৷ দাসক অনুৰোধ কৰিছিল ফিটনেচ প্ৰমানপত্ৰৰ বাবে ৷ বেপেৰুৱা হোমেন দাসে চৰকাৰী পদক অবনমিত কৰি আকৌ বিচাৰিছিল ৩৫ হাজাৰ টকা ৷ এজাহাৰকাৰীয়ে দাবী কৰা ধন পকেটৰ পৰা ওলিয়াই দিছিল ৷ কাম হৈ যাব বুলি হাঁহি মাৰি হাত পাতি লোৱাৰ পিছতে উপস্হিত আৰক্ষীয়ে হাতে লোতে কৰায়ত্ব কৰে এম ভি আই হোমেন দাসক ৷

পলাব বিচাৰিছিল গাড়ী চালক পুলক ৰয় ৷ আৰক্ষীয়ে তেতিয়ালৈ সম্পূৰ্ণ জিলা পৰিবহন কাৰ্যালয় চৌহদ নিজৰ কব্জাত লৈছিল ৷ যাতে সন্ধ্যাৰ পিছটো কাৰ্য়ালয়ত বহি উৎকোচৰ বজাৰ বহাই থকা কোনো পলাই যাব নোৱাৰে ৷ অভিযানকাৰী আৰক্ষীয়ে এম ভি আই হোমেন দাসৰ কোঠাটোত অভিযান চলাই দুই লাখ সোত্তৰ হাজাৰ টকা পৃথককৈ জব্দ কৰে ৷ এই ধন দাসে মঙ্গলবাৰে উৎকোচ হিচাপে লোৱা ধন বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷ পৰিবহন বিষয়াৰ কাৰ্যালয়ত সংঘটিত এই ঘটনাৰ পিছত বুধবাৰে জিলা পৰিবহন বিষয়া উৎপল গগৈয়ে এম ভি আই হোমেন দাসে কৰি অহা এই অনৈতিক কামৰ বিষয়ে অবগত বুলি স্বীকাৰ কৰে ৷

লগতে একাধিকবাৰ হোমেন দাসক সৰ্তক কৰি দিয়া বুলি পৰিবহন বিষয়া জনে সংবাদমাধ্যমৰ আগত অবগত কৰে ৷ পৰিবহন বিষয়া গগৈৰ মতে কাৰ্যালয়টোত এজনে বেয়া মানুহ আছিল ৷ সৰ্তক কৰি দিয়াৰ পিছটো কথা নুশুনাত ফল পালে ৷ লগতে পৰিবহন বিষয়া উৎপল গগৈয়ে কয় যে গাড়ীৰ ফিটনেচ প্ৰমান পত্ৰৰ কোনো ফাইল এম ভি আই য়ে পৰিবহন বিষয়াৰ টেবুললৈ প্ৰেৰণ নকৰে ৷ কোনো দূৰ্ঘটনাৰ প্ৰতিবেদনৰ ফাইলো নিদিয়ে ৷ সংবাদমাধ্যমৰ আগত এম ভি আই হোমেন দাসৰ সৰ্ন্দভত অসহায় ভাবে মন্তব্য দিয়া পৰিবহন বিষয়া উৎপল গগৈয়ে নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ত কোনো দালাল নাই বুলিও দাবী কৰে ৷ ইফালে গ্ৰেপ্তাৰ হোৱা হোমেন দাসক চাকৰিৰ পৰা নিলম্বিত কৰিছে ৰাজ্য চৰকাৰে ৷ লগতে পিয়ন প্ৰনব মহন্তকো নিলম্বিত কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in