পৌৰ নিৰ্বাচন: নগাঁৱত ৩৪ শতাংশই নিদিলে ভোট

পৌৰ নিৰ্বাচন: নগাঁৱত ৩৪ শতাংশই নিদিলে ভোট

ডিজিটেল সংবাদ , নগাঁও : শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হয় নগাঁও পৌৰসভাৰ নিৰ্বাচন ৷ ভোট কেন্দ্ৰ সমূহৰ পৰা ইতিমধ্যে প্ৰিজাইডিং , পুলিং বিষয়া সকল ই ভি এম লৈ ঘূৰিছে ৷ নগাঁও চহৰৰ আই টি আইত স্থাপন কৰা ষ্ট্ৰৎৰূম চৌহদত ই ভি এম জমা দিছে ৷

নগাঁও জিলা প্ৰশাসনে জনোৱা মতে নগাঁও পৌৰসভাৰ ২৩ টা ৱাৰ্ডৰ ভোটদানৰ হাৰ আছিল ৬১.১৪ শতাংশ ৷ পৌৰসভাৰ নিৰ্বাচনৰ শতকৰা হাৰলৈ লক্ষ্য কৰিলে দেখা যায় যে নিৰ্বাচনটোত বহু সংখ্যকে ভোট দানৰ পৰা আঁতৰি থাকিল ৷ কিয়নো ৩৮.৮৬ শতাংশ লোকেই ভোট দান নকৰিলে ৷

২৩ ৱাৰ্ডত মুঠ ভোটাৰ আছিল ৯০২৩৮ জন ৷ ইফালে ধিঙ পৌৰসভাত ভোট দানৰ হাৰ হৈছে ৭০.৪২ শতাংশ ৷ কামপুৰত ৬৯.৮৯ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ ৭০. ৩২ শতাংশ ভোটাৰে ভোট দান কৰে ৰহা পৌৰসভাত ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in