তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত নগাঁৱৰ পশ্চিমাঞ্চলত দৰিদ্ৰ লোকক মাস্ক বিতৰণ-কভিড সজাগতা অনুষ্ঠান…

তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত নগাঁৱৰ পশ্চিমাঞ্চলত দৰিদ্ৰ লোকক মাস্ক বিতৰণ-কভিড সজাগতা অনুষ্ঠান…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কোভিডৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত নগাঁও জিলাৰ পশ্চিমাঞ্চলত বিভিন্ন কাৰ্যসূচীৰ যোগেদি সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে।

বৃহত্তৰ অঞ্চলটোৰ বটদ্ৰৱা, সোনাইবেৰা, শিমলুআটি, ধিং গাঁও, কহুৱাআটি, বৰছিলা আদি পিছপৰা অঞ্চললৈ গৈ শনিবাৰে দৰিদ্ৰ লোক সকলক সজাগতা কৰাৰ লগতে মাস্ক বিতৰণ কৰা হয়। তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ সভাপতি মিজানুল ইছলামকে প্ৰমুখ্য কৰি সদস্য সকলে অঞ্চলটোৰ চুবুৰীয়ে চুবুৰীয়ে গৈ ৰাইজক কভিডৰ পৰা ৰক্ষা পাবৰ বাবে ঘৰতে থাকি, সঘনাই হাত ধোৱা, মাস্ক ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in