হাঁহাকাৰ নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰত! ৮২ জনকৈ কয়দীৰ দেহত এইছ আই ভি…

হাঁহাকাৰ নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰত! ৮২ জনকৈ কয়দীৰ দেহত এইছ আই ভি…

ডিজিটেল সংবাদ, নগাঁও: এইচ আই ভিৰ হ'ট স্পটলৈ পৰিণত হৈছে নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰ৷ চলিত মাহত পুনৰ ১০ জনকৈ কয়দী এইচ আই ভিত আক্ৰান্ত হৈছে ৷ চলিত মাহৰ প্ৰথম সপ্তাহটোত তেজ পৰীক্ষা কৰা দহজন কয়দীৰ দেহত এইডছ ধৰা পৰিছে ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিৰ চিকিৎসালয়ত কৰা হৈছিল এই সকল কয়দীৰ তেজ পৰীক্ষা ৷

চেপ্তেম্বৰ মাহটো কাৰাগাৰ খনৰ কয়দীক মাজত তেজ পৰীক্ষা কৰা হৈছিল৷ তেজ পৰীক্ষাত ৭২ জন কয়দীৰ দেহত ধৰা পৰিছিল এইচ আই ভি৷ এই সকল কয়দীৰ ভিতৰত ৬২ জন কয়দী ড্ৰাগছত আসক্ত৷ অনুসন্ধানত এই ৬২ জনে চিৰিঞ্জেৰে ড্ৰাগছ দেহত লোৱাৰ বাবে এইছ আই ভিত আক্ৰান্ত হৈছে ৷ কাৰাগাৰৰ ৮২ জন কয়দী এইছ আই ভিত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছত হাঁহাকাৰ লাগিছে কাৰাগাৰৰ আন কয়দী সকলৰ মাজত ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in