নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী

নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী

ডিজিটেল সংবাদ, নগাঁওঃ শনিবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা সন্ধানহীন হ'ল ৰোগী। চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা পুহিৰাম শইকীয়া নামৰ ৰোগীজন আজি পুৱা চিকিৎসালয়খনৰ পৰাই সন্ধানহীন হয়। তাৰপাছতেই ৰোগীজনৰ পৰিয়ালৰ লোক উদ্বিগ্ন হৈ পৰে।

জানিব পৰা মতে, নগাঁও চহৰৰ সমীপৱৰ্তী কঢ়ালীগাঁৱৰ ৭৫ বছৰীয়া শইকীয়া চিকিৎসালয়ত যোৱা ১২ ডিচেম্বৰত চিকিৎসাধীন কৰোৱা হৈছিল। তাৰপাছত শনিবাৰে তেওঁক চিকিৎসকে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়ে যদিও, সেই সময়তে ৰোগীজন চিকিৎসাধীন হৈ থকা থকা মেডিচিন ৱাৰ্ড-১ৰ পৰা পুৱা প্ৰায় ১০.৩০ বজাত সন্ধানহীন হয়।

ৰোগীজনৰ পৰিয়ালৰ লোকে সন্ধিয়া পৰ্যন্ত ৰোগগ্ৰস্ত বৃদ্ধ গৰাকীক বিচাৰে যদিও কোনো সন্ধান নোলায়। ইতিমধ্যে বিষয়টো সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছে। ব্যক্তি গৰাকীৰ কোনো সন্ধান পালে পৰিয়ালৰ লোক ৮৬৩৮০৭৯১২৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in